অসম

উগ্ৰপন্থীৰ সহযোগত আটজাৰ পেডত ধনদাবী

শিমলুগুৰিৰপৰা নেকিবুল হক, প্ৰথম খবৰ: সদৌ অসম আদিবাসী চাহ জনজাতি জাগৰণ সন্থাৰ এক জৰুৰী কাৰ্যনিৰ্বাহক সভা গুৱাহাটীস্থিত মূখ্য কাৰ্যালয় প্ৰাংগনত যোৱা কালি অনুষ্ঠিত হৈ যায়। সভাত সভাপতিত্ব কৰে সন্থাৰ উপ সভাপতি সমুদ্র গুপ্ত চাহুদেবে। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সন্তোষ কুৰ্মীয়ে। উদ্দেশ্য ব্যাখ্যাৰ লগত সংগতি ৰাখি তেওঁ কয় যে পেড ব্যৱহাৰ কৰি নগাঁও জিলা দায়িত্বত থকা প্ৰদীপ কালিন্দীয়ে কাৰ্বি উগ্ৰপন্থীৰ সহযোগত বহু আদিবাসী পৰিয়াললৈ ধন দাবী পত্ৰ প্ৰেৰণ আৰু গোলাঘাটৰ বিভিন্ন অঞ্চলত আটজাৰ প্ৰচাৰ সম্পাদক ও সহ সম্পাদক বুলি জাহিৰ কৰা উপৰিও আটছাৰ গোলাঘাট শাখাৰ সম্পাদক বুলি জহাই ৱাল্টাৰ লাক্ৰা (বিশাল) ই নগা উগ্ৰপন্থী সংগঠন (এন.চি.এন. আই ম)ৰ তত্বাৱধানত বহু আদিবাসী পৰিয়াললৈ ধনদাবী পত্ৰ প্ৰেৰণ কৰা কাৰ্যকলৈ ৰহস্যৰ ঘনীভূত সৃষ্টি হৈছে। সেয়ে আজিৰ জৰুৰী কাৰ্যনিৰ্বাহক সভাই উপ সভাপতি শেখৰ নায়কক ভাৰপ্ৰাপ্ত সভাপতি ৰূপে আৰু সহঃ সম্পাদক হিচাপে জ্যোতি মোহন দাসক দায়িত্ব প্ৰদান কৰাৰ লগতে এক তিনিজনীয়া তদন্ত সমিতি গঠন কৰি প্ৰকৃত দোষীৰ ওপৰত বিচাৰৰ অৰ্থে দুয়োজনক ছমাহলৈ দায়িত্বৰ পৰা বৰ্খাস্ত কৰে।

সভাই যোৰহাট জিলাৰ আহ্বায়ক ৰূপে সৌৰভজ্যোতি দাসক আৰু নগাঁৱৰ বিকি তাঁতীক আৰু ৰাজীৱ গোৱালাক কাৰ্যকৰী সদস্যৰূপে মনোনীত কৰে। সভাই এক তৃতীয়াংশ সদস্যৰ উপস্থিতিত সভাই সিদ্ধান্ত গ্ৰহণ কৰে বুলি কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি  সমুদ্ৰ গুপ্ত চাহুৰ স্বাক্ষৰিত এক প্ৰেছ বিজ্ঞপ্তিত প্ৰকাশ।

Related Articles

Leave a Reply

Close