অসম

উপায়ুক্তই তদন্ত চলাই থকাৰ সময়তে চাবুৱাত ভবন উদ্বোধন মুখ্যমন্ত্ৰীৰ

প্ৰথম খবৰ, চাবুৱা: বৃহত্তৰ চাবুৱা অঞ্চলৰ একমাত্ৰ উচ্চ শিক্ষানুষ্ঠান চাবুৱা ডি ডি আৰ মহাবিদ্যালয়ৰ অধ্যক্ষগৰাকীৰ নেতৃত্বত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ ব্যাপক অভিযোগ উত্থাপন কৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে। সংগঠনটোৰ চাবুৱা আঞ্চলিক সমিতিৰ সভাপতি জিতুপন শইকীয়া, জগজিত গোঁহাই, পলাশ গগৈ আৰু যুটীয়া সম্পাদক দিপাঙ্কৰ গগৈ, দ্বিপ শইকীয়া, যুগল দত্তই আজি এক প্ৰেছ বিবৃতিৰ জৰিয়তে কয় যে মহাবিদ্যালয়খনৰ অধ্যক্ষগৰাকীয়ে বিগত সময়ছোৱাত মহাবিদ্যালয়খনৰ উন্নয়ণৰ নামত বিশ্ববিদ্যালয় অনুদান আয়োগে আগবঢ়োৱা পুঁজিৰ ক্ষেত্ৰত এক বিয়াগোম কেলেংকাৰীৰে মহাবিদ্যালয়খনৰ পৰিৱেশ বিনষ্ট কৰাৰ লগতে উন্নয়ণৰ ক্ষেত্ৰত হেঙাৰৰূপে ঠিয় দি আহিছে।

মহাবিদ্যালয়খনৰ প্ৰবক্তাৰ লগতে অন্যান্য কৰ্মচাৰীৰ নিস্বাৰ্থ সেৱাৰ বাবেই ডি ডি আৰ মহাবিদ্যালয়খনিয়ে ২০০৫ বষৰ্ত National Assessment and Accreditation council (NAAC ) ৰ পৰা Great B লাভ কৰাৰ পাছতেই মহাবিদ্যালয়খনৰ উন্নয়ণৰ বাবে বিশ্ববিদ্যলয় অনুদান আয়োগে বিভিন্ন সময়ত আগবঢ়াইছিল এক শকত পৰিমাণৰ অনুদান। এনে বহু অনুদানৰ ভিতৰত মহাবিদ্যালয়খনিৰ ছাত্ৰী – আৱাস নিৰ্মাণৰ বাবে অহা চল্লিশ লক্ষাধিক টকাৰ অনুদানৰ পুঁজিৰে আৰম্ভ হোৱা মহাবিদ্যালয়খনৰ ছাত্ৰী আৱাসগৃহ নিৰ্মাণ কাৰ্য যোৱা ছটা বছৰে চলি থকাৰ পিছতো আজি তাৰিখলৈকে সম্পূৰ্ণ নহ’ল, ইপিনে আৱাসগৃহটো নিমাৰ্ণ সম্পূৰ্ণ নৌহওঁতেই ভৱটোৰ দেৱালসমূহ চপৰা চপৰে খহিবলৈ আৰম্ভ কৰে।

সংগঠনটোৱে লগতে কয় যে মহাবিদ্যালয়খনৰ অধ্যক্ষগৰাকীৰ তত্বাৱধানত নিৰ্মাণ কৰা আৱাসগৃহটো নিৰ্মাণৰ বাবে নিম্ন মানৰ শিল – বালি , চিমেন্ট আদি ব্যৱহাৰ কৰাৰ ফলতেই নিৰ্মিয়মান ভৱনটোৰ এনে দুৰৱস্থা । এই সমগ্ৰ অনিয়মৰ তথ্য সহকাৰে সংগঠনটোৱে যোৱা এবছৰ ধৰি আন্দোলন প্ৰতিবাদ কৰি অহাৰ লগতে জিলা উপায়ুক্তক তথ্য সহকাৰে স্মাৰকপত্ৰ পদান কৰিছিল। সংগঠনটোৰ ধাৰাবাহিক আন্দোলনৰ লগতে যোৱা ১৭ জুন তাৰিখে সংগঠনটোৱে লোৱা এক প্ৰতিবাদী কাৰ্যসূচীত প্ৰশাসনে সেওঁ মানি অৱশেষত জিলা উপায়ুক্তই ২৬ জুন ২০১৭ তাৰিখে তদন্ত ঘোষণা কৰি ১৫ দিনৰ ভিতৰত তদন্তৰ ফলাফল প্ৰকাশ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল।

কিন্তু ১৫ দিন বাদ দিয়ক ৩ মাহ উকলি যোৱাৰ পিছতো আজিলৈকে তদন্তৰ একো ফলাফল জিলা প্ৰশাসনে দিব নোৱাৰাত জাঙোৰ খাই উঠিছে ছাত্ৰ সংগঠনটো। সংগঠনটোৱে বিবৃতিটোত লগতে কয় যে মহাবিদ্যালয়ৰ অধ্যক্ষজনে প্ৰশাসনৰ দুৰ্বলতাৰ সুযোগ বুজি অতি কৌশলগতভাৱে ৩ অক্তোবৰ তাৰিখে মহাবিদ্যালয়খনত ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ অধিবেশনলৈ অহা মুখ্যমন্ত্ৰীগৰাকীক চকুত ধূলি মাৰি আধৰুৱা ছাত্ৰী নিৱাসটোৰ ফলকখন অন্য এটা ভৱনৰ সন্মুখত এখন টেবুলৰ ওপৰত ৰাখি ফিটা কটাই মুকলি কৰে। অধ্যক্ষগৰাকীৰ এই কুকাৰ্যক সংগঠনটোৱে তথ্যসহকাৰে মুখ্যমন্ত্ৰীক অৱগত কৰিবলৈ যোৱা ছাত্ৰ মুক্তিৰ সদস্য সকলক আৰক্ষীয়ে অধ্যক্ষগৰাকীৰ নিৰ্দেশত চৰম বাধা দিয়ে। লগতে সংগঠনটোৱে বিবৃতিটোত কয় যে চাবুৱাৰ দৰে গ্ৰামাঞ্চলৰ ভিতৰত থকা মহাবিদ্যালয়খনৰ অধ্যক্ষগৰাকীয়ে কৰি অহা এনেধৰণৰ ইটোৰ পিছত সিটো পৰ্বতসম দুৰ্নীতি ক্ৰমাৎ বৃদ্ধি হৈ আহিছে।

লগতে একাংশ ছাত্ৰ সংগঠনেও আশ্বৰ্যজনকভাৱে অধ্যক্ষগৰাকীৰ এই দুৰ্নীতিত হাত উজান দি এক নিৰ্লীপ্ত ভূমিকা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে বুলিও এক অভিযোগ উত্থাপন কৰিছে । মহাবিদ্যালয়খনৰ অধ্যক্ষগৰাকীয়ে অকল ভৱন নিৰ্মাণতেই নহয় আৰু বহু অনিয়ম সংঘটিত কৰি থোৱাৰ লগতে সুধাকণ্ঠ ড° ভূপেন হাজৰিকা আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকো অপমান কৰিছে বুলি জানিবলৈ দিছে। প্ৰশাসনে এই দুৰ্নীতিৰ বিৰুধী তদন্তত পালন কৰা নিলিপ্ত ভূমিকাক তীব সমালোচনা কৰি মহাবিদ্যালয়খনত চলি থকা বিভিন্ন দুৰ্নীতি অনিয়মৰ বিৰুদ্ধে অহা ২৩ নবেম্বৰৰ পৰা আমৰণ অনশনৰ কাৰ্যসূচী ঘোষণা কৰিছে।

Related Articles

Leave a Reply

Close