অসম

উপায়ুক্ত কাৰ্যালয়ত সৰ্বদলীয় সমিতিৰ বৈঠক সম্পন্ন

টীয়কৰ পৰা সমীৰণ বৰঠাকুৰ, প্ৰথম খবৰ: ৰাজ্যত অনাগত পঞ্চায়ত নিৰ্বাচনৰ সময় চমুচাপি অহাৰ সময়তে বিভিন্ন ৰাজনৈতিক দল, সাধাৰণ ৰাইজ, আৰু প্ৰশাষণৰ মাজত আৰম্ভ হৈছে ক্ৰমশঃ তৎপৰতা। ইতিমধ্য খবৰ অহা অনুসৰি যোৱা ২৭ নৱেম্বৰ তাৰিখে যোৰহাট জিলা উপায়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত এখন সৰ্বদলীয় সমিতিৰ বৈঠকত অনাগত পঞ্চাযত নিৰ্বাচনৰ ওপৰত বিভিন্ন দিশ আলোচনা কৰা হয়।

উক্ত সভাতে পঞ্চাযত ভিতিত আসন সংৰক্ষণৰ বিষয় আলোচনা হয় আৰু জনগাঠনি আৰু বিভিন্ন দিশ বিবেচনা কৰি বিভিন্ন পঞ্চায়তত আসন সংৰক্ষণৰ কথা সিদ্ধান্ত কৰা হয় সেই অনুসৰি ১০২ নং টীয়ক বিধান সভা সমষ্টিৰ ১৯ খন পঞ্চা য়ত আৰু ৪ খন জিলা পৰিষদৰ বেলিকা ব্যাপক সাল স লনি কৰা দেখা গৈছে আৰু মহিলা সকলৰ বাবে কিছু সংৰক্ষণৰ কৰা দেখা গ’ল। খবৰ অনুসৰি সমষ্টিটোৰ টীয়ক, বলমা, আৰু হোলোঙাপাৰ জিলা পৰি ষদ মহিলাৰ বাবে সংৰক্ষিত।

অন্যহাতে ১৯ খন পঞ্চায়তৰ ভিতৰত ভগামুখ, বামুনপুখুৰী, পশ্চিম টীয়ক, গাখীৰখোৱা, গোঁহাই ফেচুৱাল, পূব হোলোঙাপাৰ, কাক জান আৰু মধ্য হোলোঙাপাৰ পঞ্চা য়তৰ সভাপতিৰ আসন মহিলাৰ বাবে সংৰক্ষিত অন্যহাতে মধ্য টীয়ক, জাঁজীমূখ, পশ্চিম হোলোঙাপাৰ গাঁও পঞ্চাযতৰ সভাপতিৰ আসন অনুসূচিত জনজাতি আৰু পুব টীয়ক গাঁও পঞ্চায়ত অনুসূচিত জাতিৰ বাবে সংৰক্ষিত কৰা হৈছে। অঞ্চলিক পঞ্চায়তৰ মহিলাৰ বাবে সংৰক্ষিত আসনসমূহ হল চিন্তামণিগড়, ভগামুখ,মধ্য টীয়ক, বলমা, পশ্চিম হোলোঙাপাৰ, ৰাজৈ বাদুলিপুখুৰী, আৰু মেলেং বালিচাপৰি গাঁও পঞ্চায়ত।  জাঁজীমূখ আঞ্চলিক পঞ্চায়তৰ আসনখন অনুসূচিত জনজাতিৰ মহিলা আৰু টীয়ক আঞ্চলিক পঞ্চায়ত অনুসুচিত জাতিৰ বাবে সংৰক্ষিত কৰা হয়। এই সংৰক্ষণ বিষয় ঘোষণা হোৱাৰ লগে লগে সমষ্টিত ৰাজনৈতিক দল আৰু ৰাইজৰ মাজত আৰম্ভ হ’ল ব্যপক তৎপৰতা।

Related Articles

Leave a Reply

Close