অসম

ওদালগুৰিৰ ডিমাকুছিত হাতী মানুহৰ সংঘাত অব্যাহত, আতংকিত অঞ্চলবাসী

ডিমাকুছিৰ পৰা তীৰ্থ শৰ্মাৰ ৰিপৰ্ট, প্ৰথম খবৰ: হাতী মানুহৰ সংঘাত অব্যাহত আছে ওদালগুৰিৰ ভাৰত ভূটান সীমান্তত। আজি শনিবাৰে সন্ধিয়া ৫ বজাৰ পৰা ওদালগুৰি জিলাৰ ৩ নং উত্তৰ ডিমাকুছিৰ প্ৰৰজা বস্তিত বন্যহস্তীৰ দল এটাই প্ৰৱেশ কৰাত বাগানৰ শ্ৰমিক তথা ৰাইজৰ মাজত আতংকৰ সৃষ্টি হ’য়। এনেদৰে দিনৰ ভাগত ডিমাকুছি অঞ্চটোত থকা চাহ বাগিচা সমুহত থাকে আৰু নিশা হ’লেই খাদ্যৰ সন্ধানত গাঁৱত প্ৰৱেশ কৰি মানুহৰ ঘৰ দুৱাৰ ভঙাৰ উপৰিও বিভিন্ন খেতি -মূল্যবান গছ গছনি ভাঙি তহিলং কৰে।

এই ক্ষেত্ৰত বন বিভাগে কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছে। আনহাতে হাতী মানুহৰ সংঘাতৰ ফলত বহু মানুহৰ মৃত্যু হৈছে আন কেতিয়াবা বনৰীয়া হাতীৰো কৰুণ মৃত্যু হৈ আহিছে ডিমাকুছি অঞ্চলত। ব্যাপক হাৰত বনাঞ্চল ধ্বংসই এতিয়া অঞ্চলটোত এই সংঘাত অধিক তীব্ৰতৰ কৰি তুলিছে আৰু আজি ৰাতিও দুই নং ডিমাকুছিৰত এখন দুকান ঘৰ আৰু ধাননি পথাৰ তহলিং কৰে। বাতৰি লিখা সময়লৈ তিনি নং ডিমাকুছি গাঁৱতে আছে।

Related Articles

Leave a Reply

Close