অসম

কঁপাহেৰাত বিধায়িকা আঙুৰলতা ডেকাৰ উপস্থিতিত বিতৰণ হ’ল সুহৃদ আঁচনিৰ চেক

বটদ্ৰৱাৰপৰা মানস জ্যোতি মহন্ত, প্ৰথম খবৰ: অসম চৰকাৰৰ ‘সুহৃদ আঁচনি’ৰ জৰিয়তে বটদ্ৰৱা সমষ্টিৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ ৰোগাক্ৰান্ত শিশু,কিশোৰ-কিশোৰী, যুৱক-যুৱতী, বৃদ্ধ-বৃদ্ধালৈ আজি এককালীন আৰ্থিক সাহাৰ্য প্ৰদান কৰি কিছু সকাহ দিয়ে বিধায়িকা আঙুৰলতা ডেকাই।নগাঁও মৰিগাঁও জিলাৰ সৰ্বমুঠ ৬০০ গৰাকীকৈ দুখীয়া পৰিয়ালৰ ৰোগাক্ৰান্ত ব্যক্তিলৈ সহায়ৰ হাত আগবঢ়ালে বিধায়িকাগৰাকীয়ে। এই উপলক্ষে বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত কপাহেৰা মহাবাহু ক্লাৱৰ ৰাজহুৱা ভৱনত আয়োজিত ২০১৬-২০১৭ বৰ্ষৰ দ্বিতীয় পৰ্যায়ৰ সুহৃদ আঁচনিৰ চেক বিতৰণ অনুষ্ঠানত অংশ লৈ বিধায়কাগৰাকীয়ে দলংঘাট মণ্ডলৰ অন্তৰ্গত ১১ টা পঞ্চায়তৰ হিতাধিকাৰীসকলৰ মাজত চেকসমূহ বিতৰণ কৰে।

এই অনুষ্ঠানতে বিধায়িকাগৰাকীয়ে ‘সুহৃদ আঁচনি’ৰ অধীনত শিক্ষা শিতানত ১৯০ গৰাকী দৰিদ্ৰ পৰিয়ালৰ মেধাসম্পন্ন ছাত্ৰ-ছাত্ৰীলৈ ৫ হাজাৰ টকাকৈ এককালীন বৃত্তিও প্ৰদান কৰে। বটদ্ৰৱা মণ্ডল বিজেপিৰ সভাপতি মুকুল শইকীয়াৰ সভাপতিত্ব অনুষ্ঠিত অনুষ্ঠানটিত বিজেপি নেতা আকাশদ্বীপ ডেকা,দলংঘাট মণ্ডল বিজেপিৰ সাধাৰণ সম্পাদক ত্ৰিদীপ হাজৰিকাকে,ৰিপুঞ্জয় শইকীয়াকে প্ৰমুখ্য কৰি বহু ব্যক্তি আৰু সহস্ৰাধিক ৰাইজ উপস্থিত থাকে। লগতে অনাগত ভবিষ্যতে সমষ্টি বাসীৰ লগত যি কোনো পৰিস্থিতিত নেতৃত্ব প্ৰদানেৰে একেলগে আগুৱাই যোৱাৰো অংগীকাৰ কৰে বিধায়িকাগৰাকীয়ে।

 

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close