অসম

কংগ্ৰেছে কলা বেজ পৰিধানেৰে শিৱসাগৰ কলা দিৱস পালন, প্ৰতিবাদেৰে উত্তাল কৰিলে ৰাজপথ 

প্ৰথম খবৰ, শিৱসাগৰ: শিৱসাগৰ জিলা কংগ্ৰেছৰ কলা দিৱস পালন। শিৱসাগৰ জিলা কংগ্ৰেছে বিজেপি চৰকাৰৰ বিৰুদ্ধে বিমুদ্ৰাকৰণৰ এটা বছৰ পুৰ্ণ হোৱাৰ আজিৰ দিনটোক কলা দিৱস হিচাপে পালন কৰে। শিৱসাগৰ জিলা কংগ্ৰেছ ভৱনৰ পৰা বাহিৰ কৰোৱা এক প্ৰতিবাদী সমদলৰ পাছত নগৰৰ মাজমজীয়াৰ মুক্তিনাথ চাৰিআলিত প্ৰতিবাদী সভা অনুষ্ঠিত কৰে।

বিমুদ্ৰাকৰন নীতিয়ে দেশক থান বান কৰাৰ অভিযোগ তুলি উদাত্ত ভাষণেৰে বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদিকা অংকিতা দত্ত, শিৱসাগৰ বাৰ এচছিয়েচনৰ বিষয়ববীয়া অধিবক্তা অনিল দত্ত , শিৱসাগৰ জিলা কংগ্ৰেছ কমিটিৰ সম্পাদক মনোৰঞ্জন কোঁৱৰ, জিলা মহিলা কংগ্ৰেছ কমিটিৰ সভানেত্ৰী নন্দেশ্বৰী বুঢ়াগোঁহাই আদি বহুকেইগৰাকী কংগ্ৰেছ নেতাই।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিধ্বংসী বিমুদ্ৰাকৰণ নীতিৰে দেশৰ অৰ্থনীতি থান বান কৰাৰ অভিযোগ তুলি জিলা কংগ্ৰেছে পালন কৰা কলা দিৱসত জিলাখনৰ প্ৰয় তিনিশতাধিক লোকে অংশগ্ৰহণ কৰে। লগতে দেশৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্লোগানেৰে শিৱসাগৰ মহিলা কংগ্ৰেছ, যুৱ কংগ্ৰেছৰ লগতে বহু কংগ্ৰেছ কৰ্মীয়ে প্ৰতিবাদত অংশগ্ৰহণ কৰি শিৱসাগৰৰ ৰাজপথ উত্তাল কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close