অসমশীৰ্ষৰাষ্ট্ৰীয়

কংগ্ৰেছৰ অধ্যক্ষৰূপে ৰাহুলৰ অভিষেক!

প্ৰথম খবৰ, নতুন দিল্লী: অৱশেষত ৰাহুল গান্ধীয়ে কংগ্ৰেছৰ অধ্যক্ষৰ আসনত বহাটো প্ৰায় নিশ্চিত হৈ পৰিছে। অহা চাৰি ডিচেম্বৰত ৰাহুল গান্ধীয়ে ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধ্যক্ষৰ গ্ৰহণ কৰাৰ সম্ভাৱনা আছে। আজি পুৱা নতুন দিল্লীৰ ১০ জনপথত অনুষ্ঠিত হোৱা কংগ্ৰেছ ৱৰ্কিং কমিটীৰ এক বৈঠকে ইয়াৰে ইংগিত দিছে।

কংগ্ৰেছৰ পৰৱৰ্তী অধ্যক্ষ বাচনিৰ বাবে অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনত অপ্ৰতিদ্বন্দ্বীভাৱে ৰাহুল গান্ধী নিৰ্বাচিত হোৱাৰ সম্ভাৱনা আছে। আনহাতে, যদিহে নিৰ্বাচন অনুষ্ঠিত হয় তেন্তে ১৫ ডিচেম্বৰত কংগ্ৰেছ সভাপতিৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব আৰু ১৯ ডিচেম্বৰত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ’ব। কিন্তু, কংগ্ৰেছৰ সভাপতি নিৰ্বাচনত ৰাহুল গান্ধীৰ বিপৰীতে আন কোনেও প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ সম্ভাৱনা নাই।

Related Articles

Leave a Reply

Close