অসম

কলগাছিয়াৰ ৰূপসী উন্নয়ন খণ্ডত MGNREGA আঁচনিত ব্যাপক দুৰ্নীতি

কলগাছিয়াৰপৰা ৰকিবুল হাছান, প্ৰথম খবৰ: খণ্ড উন্নয়ন বিষয়া আৰু কণিষ্ঠ অভিযন্তা সকলে যে MGNREGAৰ আঁচনিত দুৰ্নীতিৰ পোহাৰ মেলিছে তাৰ এক উদাহৰন ৰূপসী উন্নয়ন খণ্ড। উন্নয়নখণ্ডটোৰ প্ৰতিটো MGNREGA ৰ প্ৰতিটো আঁচনিতে খণ্ড উন্নয়ন বিষয়া আৰু কণিষ্ঠ অভিযন্তা প্ৰত্যক্ষ সহযোগত ব্যাপক দুৰ্নীতি সংগঠিত কৰিছে পঞ্চায়ত প্ৰতিনিধি সকলে। সম্প্ৰতি বৰপেটা জিলাৰ কলগাছিয়াৰ ৰূপসী উন্নয়ন খণ্ডৰ অন্তৰ্গত চিকনী গাঁও পঞ্চায়তৰ পৰা সাওৰাচৰা বজাৰত ২০ লাখ টকা ব্যয় সাপেক্ষে MGNREGA আঁচনিৰ অধীনত ব্লক ৰোডৰ কাম আৰম্ভ কৰিছে পঞ্চায়ত সভানেত্ৰী মাজেদা খাতুন চৌধুৰীয়ে।

কিন্তু পঞ্চায়ত সভানেত্ৰীৰ স্বামী তথা ফটোষ্টেট সভাপতি বাহাৰ উদ্দিনে আচঁনিটোত ব্যাপক দুৰ্নীতি সংঘটিত কৰাত ৰাইজে কাম বন্ধ কৰি দিয়ে। এই ক্ষেত্ৰত ৰাইজে আচঁনিটোত পঞ্চায়ত সভানেত্ৰী তথা তেওঁৰ স্বামী বাহাৰ উদ্দিনে চলোৱা দুৰ্নীতিৰ কথা কণিষ্ঠ অভিযন্তা গুনীন দাস তথা খণ্ড উন্নয়ন বিষয়া মঞ্জুশ্ৰী ঘোষক অভিযোগ কৰাৰ পিছতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ কৰিছে ৰাইজে। ইফালে পঞ্চায়ত সভানেত্ৰীৰ স্বামী বাহাৰ উদ্দিনে আঁচনিটোত ঠিকাদাৰ নিয়োগ কৰি স্থানীয় শ্ৰমিকক বঞ্চিত কৰাৰ উপৰি বালিৰ পৰিৱৰ্তে মাটি ব্যৱহাৰ কৰা, আচঁনিমতে থকা শিল-বালি ব্যৱহাৰ নকৰা, ৰলিং নকৰাকৈ কাম কৰাৰ উপৰি পথৰ দুয়ো কাষে থকা ভীমতো নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰি কাম চলাই থকাৰ সময়তে কাম বান্ধ কৰিবলৈ কয় যদিও একাংশ পঞ্চায়ত সদস্যই সাংবাদিকৰ সন্মুখতেই বাধা প্ৰদান কৰে।

পিছত ৰাইজে কাম বন্ধ কৰে যদিও পুনৰ দুৰ্নীতিৰে একেদৰে কাম আৰম্ভ কৰাৰ অভিযোগ পোৱা গৈছে যদিও ৰূপসি উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া মঞ্জুশ্রী ঘোষ আৰু কণিষ্ঠ অভিযন্তা গুনীন দাসে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত এই ক্ষেত্ৰত স্থানীয় যুৱক এজনে অভিযোগ কৰি কয় যে, কাম চলি থকাৰ সময়ত বিভাগীয় অভিযন্তাৰ উপস্থিতিত কাম কৰিব লাগে যদিও আজিলৈকে কাম চলি থকাৰ সময়ত দায়িত্ববাহি অভিযন্তাজনৰ অনুপস্থিতেই কাম চলি আছে আৰু পঞ্চায়ত সভানেত্ৰী মাজেদা খাতুন চৌধুৰী আৰু তেওঁৰ স্বামী বাহাৰ উদ্দিনে স্থানীয় শ্ৰমিকক বঞ্চিত কৰি ঠিকাদাৰ তথা বাহিৰৰ শ্ৰমিকেৰে ব্যাপক দুৰ্নীতি সংঘটিত কৰি কাম কৰি আছে বুলি গুৰুতৰ অভিযোগ কৰে। আনকি পথৰ দুয়ো কাষৰ ভীম ১ ফুটৰ ঠাইত ৮ ইঞ্চি, কটা পাথৰ ৪ ইঞ্চিৰ ঠাইত ১ ইঞ্চি, শিল-বালি আচঁনিমতে ব্যৱহাৰ নকৰা, বালিৰ ঠাইত মাটি ব্যৱহাৰ কৰি কাম কৰি আছে বুলিও অভিযোগ কৰে। ইফালে এই সম্পর্কে চিকনী গাঁও পঞ্চায়তৰ সভানেত্ৰী মাজেদা খাতুন চৌধুৰীৰ স্বামী বাহাৰ উদ্দিনে সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত কয় যে, আমাৰ পঞ্চায়তত পেপাৰ ব্লকৰ কাম আমি প্ৰথমবাৰৰ বাবে কৰি আছো। কেনেদৰে এই ব্লকৰ কাম কৰিব লাগে আমি নাজানো। বিভাগীয় অভিযন্তা গুনীন দাসে যেনেদৰে কৰিব দিছে আমি সেইদৰেই কাম কৰি আছোঁ বুলি ব্যক্ত কৰে। এই ক্ষেত্ৰত স্থানীয় ৰাইজে বিভাগীয় উৰ্ধতন কৰ্ত্তৃপক্ষক তদন্তৰ জৰিয়তে বিহীত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।

Related Articles

Leave a Reply

Close