অসমশীৰ্ষ

কলিয়াবৰত বৃহৎ পৰিমানৰ অৰুণাচলী সুৰাসহ আটক তিনিজন

কলিয়াবৰৰপৰা গোলাপ শইকীয়া, প্ৰথম খবৰ: বুধবাৰে নিশা কলিয়াবৰ আবকাৰী বিভাগৰ জালত পৰিছে এক ট্ৰাক অৰুনাচলী সুৰা । ১১০০ কাৰ্টুণ সুৰা ভৰ্তি ট্ৰাকখনৰ নম্বৰ AR 02 4863। কলিয়াবৰ মহকুমাধিপতিৰ কাৰ্যালয় চৌহদত ৰাখি নথি পত্ৰ  পৰীক্ষা কৰি আছে কলিয়াবৰ আবকাৰী বিভাগে।

অৰুণাচলৰ নিউজুলীৰ পৰা শোণিতপুৰ জিলা হৈ  কলিয়াবৰত প্ৰবেশ কৰাৰ সময়তে আটক কৰা হয় সুৰা ভৰ্তি ট্ৰাকখনৰ সৈতে তিনিজন লোকক। বিভাগীয় নথি-পত্ৰ সঠিকভাৱে নথকাৰ বাবেই  বাহন খন জিম্মাত লৈ কলিয়াবৰ আবকাৰী বিভাগে তদন্ত আৰম্ভ কৰিছে।

ইতিমধ্যে আবকাৰী বিভাগৰ উৰ্দ্ধতম কৰ্তৃপক্ষৰে যোগাযোগ কৰি নথি-পত্ৰৰ বৈধ্যতাও নিৰীক্ষণ কৰি থকা বুলি কলিয়াবৰ আবকাৰী বিভাগে জানিব দিয়ে। উল্লেখ‍্য যে, বিগত সময়চোৱাত কলিয়াবৰত অৰুণচলী সুৰাৰ ৰমৰমীয়া বেহা চলি থকাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈ আহিছে। এইক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই কি ব‍্যৱস্থা গ্ৰহণ কৰিব সেয়াহে লক্ষণীয় হ’ব।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close