অসম

কাকজানত সংঘটিত পথ দুৰ্ঘটনাত সাংবাদিক আহত

টীয়কৰ পৰা সমীৰণ বৰঠাকুৰ, প্ৰথম খবৰ: আজি ১২:৪৫ মান বজাত টীয়কৰ কাকজান সোণাৰী গাঁৱত সংঘটিত এক পথ দুৰ্ঘটনাত “আমি অসমৰ জনগণ” কাকতৰ টীয়কৰ সাংবাদিক অঞ্জন প্ৰকাশ বৰুৱা আহত হয়৷ টীয়কৰ পৰা মটৰ চাইকেলেৰ লাহদৈগড়লৈ গৈ থকাৰ সময়তে এখন তীব্ৰবেগী চাফাৰীয়ে মহতিয়াই নিয়ে সাংবাদিক গৰাকীক৷

মুখমণ্ডল আৰু হাতত আঘাত পোৱা সাংবাদিক গৰাকীক বৰ্তমান টীয়ক হাস্পতালৰ পৰা উন্নত চিকিৎসাৰ বাবে যোৰহাটলৈ প্ৰেৰণ কৰা হৈছে যদিও চিকিৎসকে বিপদমুক্ত বুলি জানিবলৈ দিছে৷ দুৰ্ঘটনা সংঘটিত কৰিয়ে তীব্ৰবেগী বাহনখন পলায়ন কৰে৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close