অসম

‘কাছ’ৰ প্ৰাক্তন সম্পাদক বম বাহাদুৰ লিম্বুৰ মৃত্যুত শোকস্তব্ধ টিংখাং

টিংখাঙৰ পৰা মিৰাণ ইছলাম, প্ৰথম খবৰ: যকৃতৰ জটিল ৰোগত আক্ৰান্ত হৈ প্ৰায় দুমাহে ৰাজধানী দীল্লীৰ গুৰগাঁওস্থিত মেডান্তাচিটি নাৰ্চিংহোমত চিকিৎসাধীন হৈ থকা টিংখাঙৰ সমাজ জীৱনৰ এগৰাকী পুৰোধা ব্যক্তি বম বাহাদুৰ লিম্বুৰ মৃত্যুত অাজি অঞ্চলজুৰী গভীৰ শোকৰ ছাঁ পৰে।কালি সন্ধিয়া ৭ বজাত চিকিৎসাধীন অৱস্থাতে লিম্বুৱে শেষ নিশ্বাস ত্যাগ কৰা ৬০ বছৰীয়া লিম্বু টিংখাং ৰাজগড়ৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আদিৰ লগত জড়িত হৈ সামাজিক শৈক্ষিক দিশত টিংখাঙক আগবঢ়াই নিয়াত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আছিল।

লিম্বুৰ জেষ্ঠ পুত্ৰ ৰাজা লিম্বুৱে জানিব দিয়ামতে চিকিৎসাধীন পিতৃৰ যকৃতৰ পুনৰ সংস্থাপনৰ বাবে চিকিৎসকে পৰামৰ্শ দিয়াত এই জটিল অস্ত্ৰুপচাৰৰ বাবদ ৪০ লক্ষাধিক টকাৰ প্ৰয়োজন হৈছিল। এনে পৰিপ্ৰেক্ষিতত সামৰ্থ্য অনুযায়ী প্ৰায় ১৫ লক্ষাধিক টকা ব্যয় কৰি জুৰুলা হৈ আৰ্থিক সংকটত ভোগা পৰিয়ালটোৱে বাকী ধনৰাশী যোগাৰ কৰাত ব্যৰ্থ হয়।

আজি লিম্বুৰ নশ্বৰ দেহ বিমানেৰে আনাৰ পাছত নিশা সহস্ৰাধিক লোকৰ উপস্থিতিত শেষকৃত সম্পন্ন কৰা হয়। টিংখাঙৰ বাহনী গাঁৱৰ পুৰোধা ব্যক্তি গৰাকীৰ মৃত্যুত স্থানীয় বিভিন্ন দল সংগঠন অনুষ্ঠান প্ৰতিষ্ঠান আদিৰ লগতে বিধায়ক বিমল বড়াই শোক প্ৰকাশ কৰি শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে। মৃত্যুৰ সময়ত লিম্বুৱে পত্নী দুই পুত্ৰ দুগৰাকী কন্যা জোঁৱাই বোৱাৰী সহ বহু আত্মীয়ক এৰি যায়।

Related Articles

Leave a Reply

Close