অসম

কাজিৰঙাত গঁড় হত্যা ৰোধৰ সন্দৰ্ভত আলোচনা সভা: উপস্থিত বনমন্ত্ৰী

কাজিৰঙাৰ পৰা ৰাজেশ বেলোৱাৰ, প্ৰথম খবৰ: বিগত ৬ মাহ ধৰি কাজিৰঙাত গঁড় নিধন নোহোৱাত উদ্যানৰ বনকৰ্মী-বিষয়া সকলে হয়তু নিজ কৰ্তব্য কিছু শিথিল কৰি দিছিল ৷ সেই বাবেই চোৰাংচিকাৰীয়ে সুযোগ বুজি গঁড় হত্যা কৰিবলৈ সক্ষম হৈছে ৷- আজি কাজিৰঙাৰ কহঁৰাত স্থানীয় দল-সংগঠনেৰে গঁড় হত্যা ৰোধ সন্দৰ্ভত এক আলোচনা সভাত অংশ লোৱাৰ পাছত সংবাদ মাধ্যমৰ আগত এই মন্তব্য বনমন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মৰ ৷

এই ক্ষেত্ৰত বনবিষয়া-কৰ্মী সকলক সচেতন কৰিব লাগিব বুলি মন্তব্য কৰি বনমন্ত্ৰীগৰাকীয়ে কয় যে, কাজিৰঙাৰ কহঁৰা বনাঞ্চলত গঁড় হত্যাৰ দৰে ঘটনা সংঘটিত নহ’ব বুলি থকা বিশ্বাসৰ মাজতে উদ্যানৰ কহঁৰা বনাঞ্চলৰ বকপৰা বনশিৱিৰ এলেকাত মাত্ৰ দুজন বনকৰ্মী থকা তথা ক্ষেত্ৰ সন্দৰ্ভত চিকাৰীৰ দলে অনুসন্ধান কৰি কৌশলেৰে অতি সন্তৰ্পণে এই ঘটনা সংঘটিত কৰে বুলি প্ৰকাশ কৰে ৷ ইফালে, চিকাৰীয়ে এই গঁড় হত্যাত চাইলেন্সাৰ ব্যৱহাৰ কৰাৰ সন্দেহ প্ৰকাশ কৰি বনমন্ত্ৰী গৰাকীয়ে অকপটে স্বীকাৰ কৰে যে, চোৰাংচিকাৰীৰ স’তে যুঁজিবলৈ বনকৰ্মী সকলৰ অত্যাধুনিক মাৰণাস্ত্ৰৰ অভাৱ ৷

সেয়ে বনকৰ্মীসকল কিছু দুৰ্বল বুলি মন্তব্য কৰি বনমন্ত্ৰী গৰাকীয়ে কয় যে, বহু দিনৰে পৰাই অস্ত্ৰ ক্ৰয় কৰাৰ প্ৰক্ৰিয়া চলি আহিছে আৰু সেয়া শেষ পৰ্যায়ত ৷ অতি শীঘ্ৰেই অস্ত্ৰ-শস্ত্ৰৰে বনকৰ্মীসকল সুসজ্জিত কৰা হ’ব বুলি কয় বনমন্ত্ৰীয়ে ৷

Related Articles

Leave a Reply

Close