অসমশীৰ্ষ

কাজিৰঙাত বনৰীয়া ম’হৰ আক্ৰমণত আহত এজন

কাজিৰঙাৰ পৰা ৰাজেশ বেলোৱাৰ, প্ৰথম খবৰ: কাজিৰঙাত বনৰীয়া ম’হৰ আক্ৰমণত আহত এজন। কাজিৰঙাৰ হাতীখুলিত এখন পথাৰত মতিলাল পাত্ৰ নামৰ ৫৫ বছৰ বয়সীয়া এজন লোক পথাৰলৈ যাওঁতে বনৰীয়া ম’হে তেওঁক অতৰ্কিতে আক্ৰমণ কৰে৷

ইফালে, ঘটনা সংঘটিত হোৱাৰ লগে লগে বনবিভাগক খবৰ দিয়া হয় যদিও বনবিভাগৰ লোক পলমকৈ উপস্থিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে ৷ গুৰুতৰভাৱে আহত হোৱা মতিলালক অাটছাৰ কৰ্মী, স্থানীয় ৰাইজে উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে৷ ইফালে পথৰ দুৰৱস্থাৰ বাবে প্ৰায় ১ কিমি পথ দাংকোলাকৈ আনিব লগা হয় আহত মতিলালক।

Related Articles

Leave a Reply

Close