অসম

কাজিৰঙাৰ পৰ্যটন ক্ষেত্ৰ পৰিদৰ্শন অসম বিধান সভাৰ প্ৰতিনিধিৰ দল

কাজিৰঙাৰপৰা ৰাজেশ বেলোৱাৰ, প্ৰথম খবৰ: কাজিৰঙাত অসম বিধান সভাৰ প্ৰতিনিধিৰ দল। বুধবাৰে দিনত পৰ্যটন বিভাগৰ ক্ষেত্ৰ পৰিদৰ্শন কৰি অসন্তুষ্টি প্ৰকাশ প্ৰতিনিধি দলটোৰ৷ প্ৰতিনিধি দলটোত আছে আছে বিধায়ক মৃনাল শইকীয়া, সত্যব্ৰত কলিতা, নাৰায়ণ ডেকা আৰু উৎপল বৰা।

কাজিৰঙাৰ পৰ্যটন বিভাগৰ উপ-সঞ্চালকৰ কাৰ্যালয় আৰু সংলগ্ন বনানী পৰ্যটন নিৱাসৰ লগতে Tourism Complex পৰিদৰ্শন কৰে প্ৰতিনিধি দলটোৱে৷ পৰ্যটন বিভাগৰ দুৰৱস্থাত অসন্তুষ্ট প্ৰতিনিধি দলটোৱে পৰ্যটন বিষয়াসকলক বিভিন্ন প্ৰশ্নৰে থকা সৰকা কৰে৷ পৰিদৰ্শনৰ পাছতে বিধায়কৰ দলটো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু পৰ্যটন বিভাগৰ বিষয়াবৰ্গৰ স’তে আন্তগাঁথনিকে ধৰি বিভাগ দুটাৰ সংশ্লিষ্ট বিষয় সমূহৰ সন্দৰ্ভত এক আলোচনাত মিলিত হয় প্ৰতিনিধিৰ দলটো৷
আনহাতে, নাগালিম ফ্ৰেমৱ’ৰ্ক সন্দৰ্ভত বিধায়ক মৃণাল শইকীয়াই কয় যে, এয়া নগা ফ্ৰেমৱ’ৰ্ক আচাম ফ্ৰেমৱ’ৰ্ক নহয়৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close