অসম

কাজিৰঙাৰ হাতী ছাফাৰীত অথন্তৰ, বনবিভাগ আৰু হাতী মালিকৰ মাজৰ সংঘাতত দুৰ্ভোগ ভুগিলে পৰ্যটকে

প্ৰথম খবৰ, কাজিৰঙা: কাজিৰঙাত হাতী ছাফাৰী কৰিবলৈ আহি বহিৰাজ্যৰ পৰ্যটকৰ দুৰ্ভোগ ৷বন বিভাগ আৰু হাতীছাফাৰী স্বত্বাধিকাৰৰ মাজত সমন্নয় তথা যোগসূত্ৰৰ অভাৱৰ অভিযোগ উথ্থাপন কৰিলে পৰ্যটকে।

বুধবাৰে পুৱা নিৰ্ধাৰিত সময় মতে প্ৰায় ৪.৩০ বজাত ব্যক্তিগত খণ্ডৰ হাতী ছাফাৰীৰ বাবে বাগৰি বনাঞ্চলৰ প্ৰৱেশ দ্বাৰত উপস্থিত হৈয়ো ঘণ্টাৰ পাছত ঘণ্টা অপেক্ষা কৰিবলগীয়া হোৱাৰ বাবে একাংশ পৰ্যটকে ক্ষুভ প্ৰকাশ কৰিলে বন বিভাগৰ বিৰোদ্ধে৷

ক্ষুভিত পৰ্যটকৰ মন্তব্য বন বিভাগে বিষয়টোত গুৰুত্ব প্ৰদান কৰা উচিত। বন বিভাগ আৰু হাতীছাফাৰী স্বত্বাধিকাৰৰ মাজৰ যোগসূত্ৰ হীনতাৰ ফল পৰ্যটকে ভুগিব লগীয়া হোৱাটোৱে কাজিৰঙা পৰ্যটন ক্ষেত্ৰত কুপ্ৰভাৱ পেলাব।

আনহাতে একাংশ পৰ্যটকৰ অভিযোগৰ বিপৰীতে আন একাংশ অভিভূত কাজিৰঙাৰ মনোমোহা প্ৰাকৃতিক পৰিৱেশত। অসম গৌৰৱ এশিঙীয়া গঁড় চাই আনন্দতে আত্মহাৰা হৈ বহিঃৰাজ্যৰ পৰ্যটকে ক’লে “বহুত ভাল লাগিছে “।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close