অসম

কামপুৰৰ তেলিয়াআটিত উত্তেজনা, ১৪ বছৰীয়া কিশোৰীক লৈ আত্মগোপন বিবাহিত পুৰুষৰ

প্ৰথম খবৰ, কামপুৰ: কামপুৰৰ তেলিয়াআটিত দহ দিন ধৰি এঘৰ মানুহৰ ঘৰত এজন বিবাহিত যুৱকে এগৰাকী ১৪ বছৰীয়া ছাত্ৰীক সন্দেহ জনক অৱস্থাত আত্মগোপন কৰি থকাক কেন্দ্ৰ কৰি দেওবাৰে এক উত্তেজনাময় পৰিৱেশে বিৰাজ কৰে। ৰাইজে যুৱকজনৰ লগতে কিশোৰীগৰাকীক কৰায়ত্ত কৰি কামপুৰ আৰক্ষীক চমজাই দিয়ে।

উল্লেখযোগ্য যে, কামপুৰ দৰঙ্গিয়াল গাঁৱৰ জীতেন্দ্ৰ নাথ নামৰ দুটি সন্তানৰ পিতৃ যুৱকজনে এগৰাকী যুৱতীৰ সহযোগৰে যমুনামুখৰ আটি গাঁৱৰ এগৰাকী ১৪ বছৰীয়া ছোৱালীক তেলীয়াআটি গাঁৱৰ এঘৰ মানুহৰ ঘৰত গোপনে ৰাখিছিল। গোপন সুত্ৰৰ পম খেদি ছোৱালীৰ মাকে আহি সেই গাঁৱত ৰাইজ চপোৱাত উৰহী গছৰ ওৰ ওলাই পৰে। পিছত ৰাইজে যুৱকজনক উত্তম মধ্যম সোধাই দুয়োকে কামপুৰ আৰক্ষীক গতাই দিয়ে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close