অসম

কাহিবাৰীত বনৰীয়া হাতীৰ আক্ৰমণত গুৰুতৰভাৱে আহত মহিলা

প্ৰথম খবৰ, ৰংজুলি: ৰংজুলি বনাঞ্চলৰ অন্তৰ্গত  কাহিবাৰীত বনৰীয়া হাতীৰ আক্ৰমণত গুৰুতৰভাৱে আহত বিধবা মহিলা। মহিলাগৰাকীৰ নাম কেতেকী উৰাং (৪৫)। বুধবাৰে পুৱতি নিশা ঘৰ ভাঙি আক্ৰমণ কৰে মহিলাগৰাকীক । এটা প্ৰকাণ্ড বনৰীয়া হাতীয়ে আক্ৰমণ কৰি দূৰলৈ দলিয়াই দিয়ে  কেতেকী উৰাঙক।

অকলশৰীয়া মহিলাগৰাকীৰ  হাত ভাঙি যোৱাৰ লগতে বুকু আৰু ককালত হয় গুৰুতৰ আঘাত। নিশাই ৰংজুলি চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা কৰা হয় যদিও ৰাতিপুৱা সংকটজনক অৱস্থাত গোৱালপাৰা অসামৰিক চিকিৎসালয়ত প্ৰেৰণ কৰা হয়।

Related Articles

Leave a Reply

Close