অসম

কৃষ্ণাইত সীমাকেন্দ্ৰিক কাজিয়াত ভাতৃ হত্যা

কৃষ্ণাইৰপৰা কন্দৰ্প কুমাৰ দেৱ নাথ, প্ৰথম খবৰ: গোৱালপাৰা জিলাৰ কৃষ্ণাই আৰক্ষী থানাৰ অন্তৰ্গত ছোটমাটিয়াত পথাৰৰ ধান কঢ়িওৱা বেৰিয়াক কেন্দ্ৰ কৰি সংঘটিত এক হত্যাকাণ্ডই অঞ্চল জুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ জানিব পৰা মতে, ছোট মাটিয়াৰ আদিত্য ৰাভাৰ বেৰিয়া এডাল সোধ পোছ নকৰাকৈ পথাৰলৈ ধানৰ ডাঙৰী কঢ়িয়াবলৈ নিছিল সম্পৰ্কীয় ভাতৃ জয়ন্ত ৰাভাই, তাতেই খৰ্গহস্ত হৈ পৰে আদিত্য ৰাভা৷

সাধাৰণ কথাটোৰ বাবেই প্ৰথমতে দুয়োৰে তৰ্ক বিতৰ্ক লাগে আৰু খঙৰ ভমকত আদিত্যই ডিঙি চেপি হত্যা কৰে জয়ন্তক৷ ইতিমধ্যে আৰক্ষীয়ে হত্যাকাৰী জয়ন্তক আটক কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে।

★★★★★★★★

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close