অসম

কৃষ্ণাইত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ মঞ্চত নজ্বলিল এগচি চাকি

কৃষ্ণাইৰপৰা কন্দৰ্প কুমাৰ দেৱ নাথ, প্ৰথম খবৰ: সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ ৬ষ্ঠ মৃত্যু বাৰ্ষিকী ৷ ৰাজ্যখনৰ সৰ্বত্ৰে পালিত হৈছে সুধাকন্ঠৰ স্মৃতি দিৱস।
কিন্তু গোৱালপাৰা জিলা খনৰ বিভিন্ন স্থানত সুধাকণ্ঠৰ নামত নিৰ্মিত মঞ্চ সমূহ উকা হৈ ৰ’ল ৷ অন্যান্য অনুষ্ঠানৰ কথাতো বাদেই, মঞ্চ সমূহত নজ্বলিল এগচি বন্তি ৷ জিলাখনৰ কৃষ্ণাই উন্নয়ন খণ্ডৰ অন্তৰ্গত ছোটিপাৰাত থকা সুধাকন্ঠৰ নামত নিৰ্মিত মঞ্চতো আজি অনুষ্ঠিত নহ’ল কোনো অনুষ্ঠান। এই দৃশ্যই ড° হাজৰিকা প্ৰেমী লোক সকলৰ মনত বেদনাৰ উদ্ৰেক কৰিছে।

Related Articles

Leave a Reply

Close