স্বাস্থ্য

কেনেকৈ কৰিব প্ৰাথমিক চিকিৎসা

এজন লোক যেতিয়া আহত  বা হঠাত্‍ অসুস্থ হৈ পৰে, তেওঁক চিকিৎসালয়লৈ নিয়ালৈকে যিখিনি সময় পোৱা যায়, সেই সময়খিনি লোকজনৰ জীৱনৰ বাবে অতি গুৰুত্বপূৰ্ণ। কেনেকৈ কৰিব  প্ৰাথমিক চিকিৎসা।

  • ঘৰত এটা প্ৰাথমিক চিকিৎসাৰ ঔষধ থকা বাকচ থাকিব লাগে। ইয়াক সহজে পোৱা ঠাইত থব লাগে।
  • আক্ৰান্ত লোকজনক সহায় কৰাৰ আগতে নিজে সুৰক্ষিত হব লাগে। প্ৰয়োজন হলে  আহত লোকৰ তেজ বা শৰীৰৰ পৰা নিৰ্গত হোৱা আন পদাৰ্থৰ সংস্পৰ্শলৈ নাহিবৰ বাবে ৰবৰৰ হাত মোজা পিন্ধিব লাগে।
  • মুখখন সদায় উশাহ লব পৰাকৈ মুকলি হৈ থাকিব লাগে। আক্ৰান্ত ব্যক্তিয়ে নিজে উশাহ লব নোৱাৰিলে কৃত্ৰিম শ্বাস-প্ৰশ্বাস দিব লাগে।
  • আক্ৰান্ত ব্যক্তিৰ ৰক্তক্ষৰণৰ সম্ভাৱনা পৰীক্ষা কৰিবলৈ নাড়ীস্পন্দন ঠিকে আছেনে নাই চাব লাগে।
  • আক্ৰান্ত ব্যক্তিৰ যদি বেছিকৈ তেজ গৈ থাকে, যদি বিহজাতীয় বস্তু সেৱন কৰিছে বা যদি হূদস্পন্দন বা শ্বাস-প্ৰশ্বাস একেবাৰে বন্ধ হৈ গৈছে; তেতিয়া হ’লে ক্ষিপ্ৰতাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে।
  • কান্ধ বা শৰীৰৰ পিছফালে আঘাত পোৱা লোকক পৰাপক্ষত লৰচৰ কৰিব নালাগে। এইটো অতি জৰুৰী কথা। অৱশ্যে যদিহে তাতোকৈ বিপদজনক অৱস্থাৰ পৰা তেওঁক ৰক্ষা কৰাটো প্ৰয়োজন হয়, তেন্তে কৰিবই লাগিব।
  • আক্ৰান্ত ব্যক্তিয়ে যদি বমি কৰে, আৰু তেওঁৰ যদি কান্ধটো ভাঙি যোৱা নাই তেন্তে তেওঁক কাটি কৰি শুৱাই দিব লাগে।
  • কোনো এজনে প্ৰাথমিক চিকিৎসা দি থকাৰ সময়তে আন এজনে চিকিৎসকক মাতিব লাগে আৰু প্ৰয়োজনত এম্বুলেঞ্চ আহি নোপোৱালৈকে কি কি কৰণীয় তাৰ পৰামৰ্শ লব লাগে।
  • অজ্ঞান হোৱা বা অৰ্ধচেতন লোকক জুলীয়া বস্তু খাবলৈ দিব নালাগে। জুলীয়া পদাৰ্থই শ্বাসনলীত সোমাই তেওঁৰ শ্বাস ৰোধ কৰিব পাৰে।
  • উৎস: আইএনডিজি দল

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close