শেহতীয়া
Home / সম্পাদকীয় / কেৱল অখিল গগৈয়ে কিয়?

কেৱল অখিল গগৈয়ে কিয়?

 

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈ ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত আবদ্ধ৷ এইবাৰ ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত অখিলক গ্ৰেপ্তাৰ কৰোৱা হ’ল। কাৰণ তেখেত গণতন্ত্ৰৰ প্ৰতি ভাবুকি! আগতেও অখিল গগৈ গ্ৰেপ্তাৰ হৈছিল৷ পুনৰ কাৰাগাৰৰ পৰা ওলাই আহিছিল৷ এইবাৰ কিন্তু বিষয়টো অলপ সুকীয়া৷

বৰ্তমান তেওঁ গুৰুতৰভাৱে অসুস্থ৷ চিকিৎসালয়ত চিকিৎসাধীন। ৰাইজৰ হকে মাত মাতি ইতিমধ্যে কেইবাবাৰো চৰকাৰৰ কোপদৃষ্টিত পৰিছে অখিল গগৈ। কিন্তু ইয়াৰ বিৰোধ, যি ধৰণে প্ৰতিবাদ হ’ব লাগিছিল হোৱা নাই। অখিল গগৈৰ সৈতে মত পাৰ্থক্য থাকিব পাৰে কিন্তু চৰকাৰৰ এই কামৰ বিৰোধ কৰা উচিত৷

কাৰণ এয়া কোনোপধ্যেই সমৰ্থনযোগ্য নহয়৷ কিন্তু চৰকাৰৰ খেনোক দেখি দুৱাৰ বন্ধ নীতি সদায় ফলৱতী নহয়৷ একেই মন্তব্য কৰি কোনো আছে মুকলি আকাশৰ তলত, কোনো আছে আকৌ ৰঙাঘৰত৷ কিন্তু ইয়াৰ ফল এদিন শাসকীয় দল আৰু চৰকাৰে ভোগ কৰিব। চৰকাৰী এই ষড়যন্ত্ৰত এনে লাগে আজি যেন সকলোৱে ৰহস্যজনকভাৱে নিমাত।

এতিয়া ভগৱান আৰু সাধাৰণ জনতাই অখিলৰ ভৰসাৰ স্থল। অখিল গগৈ সোনকালে সুস্থ হৈ উঠক। পুনৰ সক্ৰিয়ভাৱে নেতৃত্ব বহন কৰক৷ কাপোৰে যেনেকৈ জুই ঢাকি থব নোৱাৰি, তেনেকৈ সংগ্ৰামৰ এই সত্তাক চিৰদিনৰ বাবে কাৰাগাৰত আবদ্ধ কৰি থ’ব নোৱাৰে চৰকাৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*