অসম

খাটাৰবাৰী হাইস্কুলৰ দমকল চুৰি

প্ৰথম খবৰ, তামুলপুৰ: বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত নাগ্ৰীজুলিস্থিত ঐতিহ্যমণ্ডিত খাটৰবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা যোৱা নিশা এটি দমকল চুৰি কৰি নিয়া কাৰ্যই অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কোনো দুৰ্বৃত্তই টইলেটৰ দৰ্জাৰ তলা ভাঙি যোৱা নিশা দমকলটো চুৰি কৰি নিয়ে।

আজি ৰাতিপুৱা বিদ্যালয়লৈ আহি চকীদাৰ জনে টযেলেটৰ দৰ্জা ভঙা অৱস্থাত প্ৰত্যক্ষ কৰি ভিতৰলৈ সোমাই দমকলটো চুৰি হোৱাটো নিশ্চিত হয়। পিছত খাটৰবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক সুভাষ চন্দ্ৰ দাসে নাগ্ৰীজুলি আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে।

উল্লেখযোগ্য যে ইয়াৰ আগতেও বিদ্যালয় খনৰ পৰা চোৰে কম্পিউটাৰৰ কেইবাটাও ছেট চুৰি কৰি নিছিল। বিদ্যালয়খনত চুৰি কাৰ্য্য সংঘটিত কৰা কাৰ্যক বিদ্যালয়খনৰ শিক্ষক কৰ্মচাৰী আৰু সচেতন মহলে গৰিহণা দিছে।

Related Articles

Leave a Reply

Close