অসম

খুমটাইত একেদিনাই তিনিটা পথৰ আধাৰশিলা স্থাপন 

খুমটাইৰপৰা চন্দন বৰা, প্ৰথম খবৰ:  খুমটাই বিধান সভা সমষ্টিত প্ৰধানমন্ত্ৰী গ্ৰাম পথ যোজনাৰ অধীনত ২০১৬-২০১৭ বৰ্ষৰ শাওঁতলী সংযোগী , খুমটাই বাগান আৰু বগৰিয়ণী সংযোগী পথৰ আধাৰশিলা স্থাপন কৰে কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে।

উল্লেখ যে খুমটাই নাট্য মঞ্চত খুমটাই ৰাজহ চক্ৰ বিষয়া ডা: মনিকা বৰাৰ সভাপতিত্ব অনুষ্ঠিত হোৱা এখন ৰাজহুৱা সভাটো অংশগ্ৰহণ কৰে সাংসদ গৰাকীয়ে। ৰাজহুৱা সভাতেই সাংসদ গৰাকীয়ে খুমটাই সমষ্টিৰ উন্নয়ন বাবে সাংসদ পুঁজিৰ পৰা খুমটাই আদৰ্শ প্ৰাথমিক বিদ্যালয়ত চাৰিবেৰাৰ বাৱে ১ লাখ , খুমটাই নগাওঁ নামঘৰৰ বাবে ১,৫ লাখ, শাওঁতলী দূৰ্গা মন্দিৰৰ বাবে ২ লাখ টকা আগবঢ়োৱা হ’ব বুলি ঘোষণা কৰে।

সাংসদ গৰাকীয়ে কেন্দ্ৰীয় চৰকাৰৰ কাম কাজক লৈ সমালোচনা কৰে। তেওঁ কয় যে বৰ্তমান সময়ত ৰাজ্যৰ বিজেপি চৰকাৰখনে জি এছ টি জৰিয়তে ৰাইজৰ পৰা টেক্স লৈ বিজ্ঞাপন আৰু পঞ্চতাৰকা হোটেলত সভা অনুষ্ঠিত কৰা বাদে অসমৰ উন্নয়ন একো কৰা নাই।
বৃহস্পতিবাৰে আধাৰশিলা স্থাপনৰ অনুষ্ঠানত প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈ,খুমটাই সমষ্টিৰ বিধায়ক মৃনাল শইকীয়া হৈ প্ৰতিনিধি কৰে জয়ন্ত গোস্বামী , গড়কাপ্তানী বিভাগৰ বিষয়া সকলৰ লগতে খুমটাই সমষ্টিৰ কংগ্ৰেছ আৰু বিজেপিৰ দলৰ ভালে সংখ্যক বিষয়ববীয়া।

Related Articles

Leave a Reply

Close