অসমশীৰ্ষ

গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত পুনৰ উজ্জ্বলিব অসম

নিউজ ডেস্ক, প্ৰথম খবৰ: পুনৰ অসমৰ নাম সোমাব গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত। অসমৰ ১,২০৩ গৰাকী লেখকে ২৪ ঘণ্টাত কটন বিশ্ববিদ্যালয়ত একত্ৰিত হৈ লিখি উলিয়ালে ‘আমি অসমীয়া’ শীৰ্ষক এটা সুদীৰ্ঘ গল্প। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ১,২০৩গৰাকী লেখকে একেলগে লিখা এই গল্প পুথিখন আৰু ২৪ ঘণ্টাৰ ভিডিঅ’ ৰেকৰ্ড পঠিওৱা হ’ব গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছ কমিটীলৈ।

 

কটন বিশ্ববিদ্যালয় কৰ্তৃপক্ষ আৰু ছাত্ৰ একতা সভাৰ সহযোগত এই পদক্ষেপ গ্ৰহণ কৰে বিশিষ্ট শিল্পী অপুৰাজ বৰুৱা আৰু ‘আমি অসমীয়া’ শীৰ্ষক এটা গ্ৰুপে। ইতিমধ্যে চীনৰ ১,১৭৮ লেখকে একেলগে গল্পপুথি লিখি বিশ্ব ৰেকৰ্ড গঢ়ি থৈছিল। এই ৰেকৰ্ড ভংগ কৰি অনায়াসে অসমে গঢ়িব অভিলেখ। এতিয়া অপেক্ষা মাত্ৰ গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছ কমিটীৰ চূড়ান্ত ঘোষণালৈ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close