অসম

গেলেকীত অবৈধ পলস খননৰ গাড়ীৰ দৌৰাত্ম, মহকুমা আৰক্ষী বিষয়াৰ গাড়ীত খুন্দা 

শিমলুগুৰিৰ পৰা নেকিবুল হক, প্ৰথম খবৰ: নাজিৰা মহকুমাৰ সীমান্তৱৰ্তী গেলেকীত বন বিভাগৰ ৰহস্যজনক ভূমিকা আৰু আৰক্ষীৰ চুড়ান্ত দায়িত্বহীনতাৰ বাবে অব্যাহত আছে অবৈধ পলস খনন কাৰ্য। সীমান্ত অঞ্চলটোৰ বিভিন্ন অঞ্চলত অব্যাহত থকা এই অবৈধ পলস কঢ়িওৱা নথি পত্র বিহীন একাংশ গাড়ীৰ দৌৰাত্ম বৃদ্ধ পাবলৈ ধৰিছে।

আজি সন্ধিয়া গেলেকী চাৰি আলি এনে এখন নম্বৰ প্লেট বিহীন গাড়ীৰ খুন্দাত কথমপি ৰক্ষা পৰে নাজিৰা মহকুমা আৰক্ষী বিষয়া আনন্দ টকবীৰ। পলস কঢ়িওৱা গাড়ীখনৰ খুন্দাত মহকুমা আৰক্ষী বিষয়া গৰাকীসহ আৰক্ষী দলটোৰ কোনেও আঘাট নাপালে যদিও গাড়ীখনৰ পাছফালৰ অংশৰ ক্ষতি হয়।

উল্লেখ্য যে, মহকুমা আৰক্ষী বিষয়াগৰাকী এটা চি আৰ পি এফৰ দল লৈ সীমান্ত অঞ্চলটোত তহল দি নাজিৰালৈ ওভতি অহাৰ সময়ত গেলেকী চাৰি আলিত পাছফালৰ পৰা অহা অবৈধ পলস কঢ়িওৱা নম্বৰপ্লেটবিহীন এখন মিনি ট্ৰাকে খুন্দিওৱাৰ ফলত মহকুমা আৰক্ষী বিষয়াগৰাকীৰ গাড়ীখনৰ পাছফালৰ অংশ ক্ষতিগ্ৰস্ত হয়। আৰক্ষীয়ে ট্ৰাকখনৰ চালক ৰুবুল আলিক আটক কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close