অসম

গোসাঁইগাঁৱত চিলনী চুৰৰ সন্ত্ৰাস, লুটি নিলে অৰ্ধ লক্ষাধিক টকাৰ অলংকাৰ

গোসাঁইগাঁৱৰপৰা ৰুবুল পাঠক, প্ৰথম খবৰ: বহিঃ ৰাজ্যৰ পৰা অহা চিলনী চুৰে গোসাঁইগাঁৱত একাংশ পৰিয়ালৰ সোনৰ আ অলংকাৰ লুটি নিয়া ঘটনাই ৰাইজৰ মাজত আতংকৰ সৃষ্টি কৰিছে ৷ বহিঃ ৰাজ্যৰ পৰা অহা এই অসাধু থগ প্ৰৱঞ্চকৰ এটা দলে গোসাঁইগাঁও মহকুমাত খুপনি পুতি গৃহত থকা কাহ পিতলৰ সা সামগ্ৰী পৰিস্কাৰ কৰাৰ চলেৰে গৃহস্থক ৰাম ঠগ দি আ অলংকাৰ লৈ উধাও হোৱা ঘটনা পোহৰলৈ আহিছে ৷ ঘৰত পুৰুষ মানুহ নথকাৰ সুযোগত চলাহী কথাৰে এনে থগ সকলে গৃহস্থক কাহ পিতলৰ বাচন বৰ্তন সমূহ পৰিস্কাৰ কৰি দিয়াৰ বাবে সন্মত কৰি লয় আৰু পৰ্য্যায় ক্ৰমে অতি কৌশলেৰে আ অলংকাৰ সমূহ পৰিস্কাৰ কৰাৰ বাবে আহ্বান জনাই আৰু গৃহস্থই সন্মতি প্ৰকাশ কৰিলে তৎমূহৰ্ততে অলংকাৰ সমূহ লৈ উধাও হয় ৷ এনে ঘটনাই সংঘটিত হ’ল গোসাঁইগাঁও মহকুমাৰ কলেজ ৰোডত ৷

কলেজ ৰোড নিবাসী প্ৰাঞ্জল পাল নামৰ এগৰাকী শিক্ষকৰ গৃহতে চিলনী চুৰে অভিযান চলাই প্ৰায় অৰ্ধ শতাধীক টকাৰ আ অলংকাৰ লুটি নিয়ে ৷ ভূক্ত ভোগী পৰিয়ালটোৱে সদৰি কৰা মতে, চিলনী চোৰৰ দুজনীয়া দল এটাই প্ৰাঞ্জল পালৰ গৃহত বয় বস্তু পৰিস্কাৰ কৰাৰ বাবে বিশেষ ধৰনে নিৰ্মিত এক প্ৰকাৰৰ জুলিয়া পদাৰ্থৰে বাচন সমূহ পৰিস্কাৰ কৰি দিয়ে ৷ উক্ত সময়ত গৃহস্থক সোনৰ অলংকাৰ থাকিলেও পৰিস্কাৰ হ’ব বুলি কোৱাত আগ পিছ নাভাৱি অলংকাৰ সমূহ উলিয়াই আনে আৰু পৰিস্কাৰ কৰাৰ বাবে দিয়ে ৷ ইপিনে প্ৰায় অৰ্ধ লক্ষাধীক টকা মূল্যৰ সোণৰ চেন আৰু আঙুঠি পৰিস্কাৰ কৰি দিয়াৰ সুযোগত থগ কেইজনে অলংকাৰ সমূহ লৈ উধাও হয় ৷ চোৰ কেইজনে মহনীয় কথাৰে পৰিয়ালক সন্মোত কৰি অলংকাৰ সমূহ লৈ পলায়ন কৰাৰ পিছত হে গৃহস্থই বুজিব পাৰিছিল যে অসাধু লোক দুজনে তেওঁলোকৰ মূল্যবান সোণৰ অলংকাৰ লৈ পলায়ন কৰাৰ কথা ৷ ঘটনাৰ পিছ মুহূৰ্ততে থক প্ৰৱঞ্চক দ্বয়ক বহু বিচাৰ খচাৰ কৰে যদিও কোনো সুংসুত্ৰ উলিয়াব নোৱাৰী আৰক্ষীৰ কাষ চাপে যদিও থগ দ্বয়ক আৰক্ষীয় আটক কৰিবলৈ সক্ষম নহয় ৷

ইতিমধ্যে ভূক্তভোগী পৰিয়ালটোৱে আৰক্ষী থানাত এটি গোচৰ ৰুজু কৰে আৰু প্ৰৱঞ্চক কেইজনক আটক কৰাৰ বাবে গোহাৰী জনায় ৷ উল্লেখ্য যে, এনে থগ প্ৰৱঞ্চক সকলে কম জনবসতী এলেকা তথা ঘৰত পুৰুষ লোক নথকাৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰে আৰু চলাহী কথাৰে গৃহস্থক লুটি নিয়ে ৷ এনে চিলনী চুৰৰ হাতত প্ৰকাৰন্তে বহু কেইটা পৰিয়ালৰ কেইবা লক্ষাধিক টকাৰ অলংকাৰ লুটি নিয়াৰ পিছতো লাজে ভয়ে প্ৰকাশ কৰাৰ পৰা বিৰত থাকি নিজৰ ভূল ধাকি ৰাখে ৷ এইক্ষেত্ৰত পৰিয়াল সমূহ সাৱধান নহ’লে পুনৰ অনুৰূপ ঘটনা সংঘটিত হোৱাৰ যথেষ্ট সম্ভাৱনা আছে ৷

Related Articles

Leave a Reply

Close