অসম

গোৱালপাৰাত কাৰ্যালয় এৰি দলে বলে ধাননিত নামিল জিলা কৃষি বিষয়া

কৃষ্ণাইৰপৰা কন্দৰ্প কুমাৰ দেৱ নাথ, প্ৰথম খবৰ: অৱশেষত গা লৰিল গোৱালপাৰা জিলা কৃষি বিভাগৰ৷ জিলা কৃষি বিষয়া গৰাকীয়ে কাৰ্যালয় এৰি আজি সদল বলে নামি পৰিল ধাননি পথাৰত৷ খেতি পথাৰত নামি নিজ চকুৰে পৰ্যবেক্ষণ কৰিলে পকিবলৈ আৰম্ভ কৰা ধাননিত শুঁৰ পোকৰ আক্ৰমণ৷

উল্লেখ্য যে, গোৱালপাৰাৰ খেতিপথাৰত শুঁৰ পোকৰ তাণ্ডৱ অব্যাহত থকাৰ বিষয়ে সংবাদ মাধ্যমত যথেষ্ট বাতৰি প্ৰকাশিত হৈছে ৷ বাতৰি সমূহত জিলাখনত পকিবলৈ ধৰা ধাননিত শুঁৰ পোকৰ সন্ত্ৰাসৰ বিপৰীতে এই পোক নিয়ন্ত্ৰণত জিলা কৃষি বিভাগৰ উদাসীনতাৰ বিষয়ে বিস্তৃত ভাবে বৰ্ণিত হৈছে ৷ এই বাতৰি সমূহ প্ৰকাশ পোৱাৰ পিছতে জিলা কৃষি বিভাগৰ ভিতৰ চ’ৰাত যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ যাৰ ফল স্বৰূপে আজি দুপৰীয়া গোৱালপাৰা জিলা কৃষি বিষয়া বুধিন হাজৰিকাই দুধনৈ আৰু গোৱালপাৰাৰ এছ ডি অ’ ক্ৰমে মনোৰঞ্জন দাস আৰু ইক্ৰামূল ইছলাম সহ এটি বৃহৎ দল লৈ কৃষ্ণাই অঞ্চলৰ বিভিন্ন খেতি পথাৰ পৰ্যবেক্ষণ কৰে।

কৃষি বিষয়াৰ দলটোৱে প্ৰথমে ভেলাখামাৰ গাঁৱলৈ আহি কৃষক পৱন নাথক লগ ধৰি তেৱঁৰ ধাননি চাবলৈ যায় ৷ ইয়াৰ পিছতে তেওঁলোকে বলবলাৰ খেতি পথাৰতো পদাৰ্পন কৰে ৷ ইফালে,ধাননিত শুঁৰপোকৰ তাণ্ডৱ পৰ্যবেক্ষণ কৰি উঠি সাংবাদিকৰে হোৱা মত বিনিময় কালত কৃষি বিষয়া গৰাকীয়ে ধাননিত শুঁৰ পোকৰ আক্ৰমণ হোৱা কথা একে আষাৰে স্বীকাৰ কৰি এই বিষয়ত কৃষক সকললৈ কেতবোৰ পৰামৰ্শ আগবঢ়োৱাৰ কথা উল্লেখ কৰে ৷

তেওঁ জধে-মধে কীট নাশক প্ৰয়োগ কৰাৰ বিপৰীতে কৃষি সম্প্ৰসাৰণ বিষয়া সকলৰ দিহা অনুসৰি প্ৰতিষেধক প্ৰয়োগ কৰিবলৈ আহ্বান জনায় ৷ আনহাতে,কৃষি বিষয়া গৰাকীয়ে এয়া আচলতে শুঁৰ পোক নহয় বুলি উল্লেখ কৰি এই পোক সমূহক ’ছোৱামিন কাটাৰ পিলাৰ’ প্ৰজাতিৰ ’ইয়াৰ হেড কাটাৰ পিলাৰ’ বুলি উল্লেখ কৰে ৷ এই প্ৰজাতিৰ পোক সমূহে দিনৰ পোহৰৰ বিপৰীতে ৰাতিহে ধাননিত সন্ত্ৰাস চলায় বুলি বিষয়া সকলে লগতে প্ৰকাশ কৰে ৷

★★★★★★★★★

Related Articles

Leave a Reply

Close