অসমগ্ৰন্থসাহিত্য

প্ৰচলন বন্ধ কৰিলে নীলিম আকাশ কাশ্যপৰ ‘ৰাধা’ৰ

নিউজ ডেস্ক, প্ৰথম খবৰ: বিৰ্তকৰ পিছত প্ৰচলন বন্ধ কৰিলে লেখক নীলিম আকাশ কাশ্যপৰ ‘ৰাধা’ নামৰ গ্ৰন্থখনিৰ। এই সম্পৰ্কে ‘প্ৰথম খবৰ’লৈ দিয়া এক প্ৰেছ বিজ্ঞপ্তিত লেখক নীলিম আকাশ কাশ্যপে জনাইছে যে, দৰাচলতে ‘ৰাধা’ এখন কাল্পনিক সামাজিক উপন্যাসহে, যি কথা উপন্যাসখনত একাধিকবাৰ লিখা হৈছে। ‘ৰাধা’ত কোনো ধৰ্মকে উপলুঙা বা ধৰ্মীয় ইতিহাস তিলমাত্ৰও বিকৃত হোৱা নাই। যিহেতু কোনো ন্যাস্ত স্বাৰ্থ লৈ উপন্যাসখন লিখা নাছিলো, সেয়ে অনাহূত হ’লেও দল-সংগঠন আৰু ব্যক্তিসকলে আঘাত পোৱা বুলি জানি মই আন্তৰিকভাৱে দুঃখিত। জানি-বুজি কাহানিও কোনো ধৰ্মক উপলুঙা কৰা নাই, ভৱিষ্যতেও নকৰো।

তদুপৰি প্ৰেছ বিজ্ঞপ্তিখনৰ জৰিয়তে তেওঁ এইদৰে স্পষ্ট কৰি দিয়ে যে, অনাহূত বিতৰ্কত সাঙোৰ খাই পৰি হ’লেও বিভিন্ন দল-সংগঠন আৰু ব্যক্তিয়ে ধৰ্মীয় অনুভূতিত আঘাত হনা বুলি পোৱা আন্তৰিক ব্যথাৰ প্ৰতি সন্মান জনাই ‘বনলতা’ প্ৰকাশকৰ সৈতে আলোচনামৰ্মে আমি ‘ৰাধা’ৰ আজিৰপৰা বিপণন কৰা বন্ধ কৰিছোঁ।

Related Articles

Leave a Reply

Close