অসম

চাংসাৰিত পথ দুৰ্ঘটনাত ছাত্ৰৰ সহিতে দুই পথচাৰী আহত

চাংসাৰিৰপৰা পঙ্কজ নাথ, প্ৰথম খবৰ: কামৰূপ জিলাৰ অন্তৰ্গত চাংসাৰিৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ যেন এতিয়া মৰণফান্দত পৰিণত হৈছে। চাংসাৰি অঞ্চলৰ ৰাষ্ট্ৰীয় ঘাইপথত বিসংগতি পূৰ্ণ ডিভাইদাৰ আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ ওচৰত যধে মধে গঢ়ি উঠা অটো আৰু টেম্পোষ্টেণ্ড, অবৈধ পাৰ্কিং, পদপথৰ দোকান আদিৰ বাবেই সংঘটিত হ’বলৈ ধৰিছে প্ৰায়ে সৰু বৰ দুৰ্ঘটনা। পথৰ এনে বহু জটিলতা আৰু উপৰোক্ত সমস্যাৰ বাবে আজি বৃহস্পতিবাৰে দিনৰ প্ৰায় ১০ মান বজাত চাংসাৰি হাইস্কুল চকত এক ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হয়।

বাইহাটা চাৰিআলিৰ দিশৰ পৰা গুৱাহাটী অভিমুখে আহি থকা এ এচ ০১ এফ চি ৫৭৪৭ নম্বৰৰ দ্ৰুতবেগী মেক্সিমো গাড়ী এখনে নিয়ম বৰ্হিভূত হিচাপে আহি এজন কলেজীয়া ছাত্ৰক হাইস্কুল চকত তেওঁ উঠি অহা গাড়ীৰ পৰা নামি গাড়ীৰ ভাৰা দি অৱস্থাতে মহটিয়াই লৈ যোৱাৰ উপৰিও কিছু দূৰলৈ গৈ অন্য দুজন পথচাৰীকো দুৰ্ঘটনাত পতিত কৰে। এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় কলেজীয়া ছাত্ৰ বৰাগোগ নিবাসী চম্পক ধীন (১৯), কহৰাৰ দ্বীপেন কাকতী (৪৫) আৰু উদীয়নৰ বিটু আলি নামৰ তিনিজনকৈ লোক। দুৰ্ঘটনাৰ পিছতে আহত তিনিওজনকে উন্নত চিকিৎসাৰ বাবে জিএনাৰচি হাস্পাতাললৈ প্ৰেৰণ কৰা হয় যদিও ছাত্ৰ গৰাকীৰ অধ্যয়নৰত চাংসাৰিৰ শৰাইঘাট মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে দুৰ্ঘটনাক কেন্দ্ৰ কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে আৰু ২ ঘণ্টা জুৰি ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে।

নিজৰ সতীৰ্থৰ এনে পৰিস্থিতিৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণকাৰী সংস্থা , কামৰূপ জিলা প্ৰশাসন আৰু চাংসাৰি আৰক্ষীৰ অমনোযোগপুৰ্ণ কৰ্ম পালনক দোষাৰোপ কৰি অসম আৰক্ষী মুৰ্দাবাদ, অসম আৰক্ষী হায় হায় আদি ধ্বনিৰে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি ঘটনাস্থলীত উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰে শৰাইঘাট মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলে। ঘটনাৰ পৰিস্থিতি বিষম হোৱাত শেষত উত্তৰ গুৱাহাটী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া প্ৰণৱ দত্ত গোস্বামী উপস্থিত হৈ উত্তপ্ত হৈ থকা ছাত্ৰ ছাত্ৰীক বুজনি দি ইয়াৰ সুব্যৱস্থা কৰা হ’ব বুলি প্ৰতিশ্ৰুতি দিয়াতহে পৰিস্থিতি শান্ত হয় আৰু তেওঁলোকে পথ অৱৰোধ কাৰ্যসূচী প্ৰত্যাহাৰ কৰে।এতিয়া অনাগত সময়ত চাংসাৰি আৰক্ষীৰ লগতে কামৰূপ জিলা প্ৰশাসনৰ তৰফৰ পৰা চাংসাৰি অঞ্চলত সঘনাই সংঘটিত হৈ থকা দুৰ্ঘটনা ৰোধৰ ক্ষেত্ৰত কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰে সেয়াহে লক্ষ্যণীয় হ’ব।

Related Articles

Leave a Reply

Close