অসম

চামগুৰিত কলিয়াবৰ জিলা বিজেপিৰ কাৰ্যনিৰ্বাহক সভা সম্পন্ন

পুৰণিগুদামৰপৰা দিব্যজ্যোতি ভূঞা, প্ৰথম খবৰ: নগাঁও জিলাৰ চামগুৰি ৰাজহুৱা প্ৰেক্ষাগৃহত আজি ভাৰতীয় জনতা পাৰ্টীৰ অ’ বি চি মৰ্চাৰ কলিয়াবৰ জিলাৰ এখনি কাৰ্যনিবাহক সভা অনুষ্ঠিত হৈ যায়। কলিয়াবৰ জিলাৰ অ’ বি চি মৰ্চাৰ সভাপতি মহাদেৱানন্দ বৰাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত ৰাজ্যিক অ’ বি চি মৰ্চাৰ সভানেত্ৰী বিতোপন ৰাইদিঙীয়াকে প্ৰমুখ কৰি সম্পাদকদ্বয় নৃপেন চেতিয়া আৰু দুলুমনি কাকতি বৰা, জিলা প্ৰভাৰী মালবিকা দত্ত,বাজিয়া ব্লকৰ সভাপতি বীৰেণ শইকীয়াকে প্ৰমুখ্যে কৰি কেবাজনো নেতা কৰ্মী উপস্থিত থাকে।

সভাত ৰাজ্যিক সভানেত্ৰী গৰাকীয়ে আগন্তুক পঞ্চায়ত নিৰ্বাচনত দলক শক্তিশালী কৰিবলৈ সদস্য সকলক আহ্বান জনােৱাৰ লগতে লোকসভা নিৰ্বাচনতো কংগ্ৰেছৰ হাতৰ পৰা গাদী উৎখাত কৰিবলৈ আহ্বান জনায় যাতে কলিয়াবৰ লোকসভা সমষ্টিৰ পৰা এজন সাংসদ উলিয়াবলৈ সক্ষম হয়৷

Related Articles

Leave a Reply

Close