অসম

চামগুৰিত সাংবাদিকক আৰক্ষীৰ ভাবুকি, নিৰ্যাতিতা যুৱতীৰ বাতৰি পৰিবেশন কৰাত খৰ্গহস্ত মহকুমা আৰক্ষী বিষয়া

পুৰণিগুদামৰপৰা দিব্যজ্যোতি ভূঞা, প্ৰথম খবৰ: মানুহৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষাৰ স্বাৰ্থত নিয়োজিত অসম আৰক্ষীৰ এগৰাকী উচ্চ পদস্থ বিষয়াই কৰ্তব্যৰত এগৰাকী সাংবাদিকক অশ্লীল বাক্যবাণেৰে ভাবুকি প্ৰদান কৰাৰ লগতে সাংবাদিকৰ বাকৰুদ্ধ কৰিবলৈ অপচেষ্টা কৰা ঘটনা সংঘটিত হৈছে নগাঁও জিলাৰ চামগুৰিত৷ জানিব পৰা মতে, যোৱা ৮ নবেম্বৰত পুৰণিগুদাম ড০ বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰীয়ে এজন যুৱকৰ প্ৰৰোচনাত পৰি নিৰ্যাতিত হ’ব লগা হোৱা ঘটনাৰ উচিত ন্যায় বিচাৰি আৰক্ষী প্ৰশাসনৰ কাষ চপাৰ পিছতো আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ সন্দৰ্ভত অসমৰ কেইবাটাও বৈদ্যুতিন প্ৰচাৰ মাধ্যমত বাতৰি সম্প্ৰচাৰ হৈছিল।

চামগুৰি মাগুৰমাৰিৰ অভিযুক্ত আবু কালাম নামৰ যুৱকজনে উক্ত দিনা কলেজলৈ বুলি আহি থকা যুৱতীগৰাকীক বিয়াৰ প্ৰলোভন দি ফুচুলাই বলপূৰ্বক বাইকত উঠাই নিজ ঘৰলৈ লৈ যোৱাৰ পাছতে যুৱকজনে ঘৰৰ পৰা পলায়ন কৰিছিল। পৰৱৰ্তী সময়ত আবু কালামৰ পৰিয়ালৰ লোকে ছাত্ৰীগৰাকীৰ ওপৰত অমানুষিক নিৰ্যাতন চলোৱাৰ লগতে নিশালৈ অভিযুক্ত আবু কালাম, আবু হানিফা, বছিৰ আহমেদ, ছামছ উদ্দিন আৰু মৰিয়ম বিবিয়ে উপৰ্যুপৰি আক্ৰমণ কৰি ক্ষত-বিক্ষত কৰে আৰু ঘৰৰ পৰা চোঁচোৰাই উলিয়াই দিয়ে।পাছত ছাত্ৰী গৰাকীৰ পৰিয়াল তথা অসম আৰক্ষীৰ কনিষ্টবল ভাতৃ নাইজুল ইছলামে নিৰ্যাতিতা ভগ্নীক উদ্ধাৰ কৰি উক্ত ঘটনাৰ সম্পৰ্কে কাৱৈমাৰী আৰক্ষী চকীত এক লিখিত এজাহাৰ দাখিল কৰে।আৰক্ষীয়ে যুৱতীগৰাকীক কেৱল চিকিৎসাৰ ব্যৱস্থা কৰিয়েই দায়িত্ব সামৰাৰ পাছত যোৱা ১৭ নবেম্বৰত কলিয়াবৰ মহকুমা প্ৰধান আৰক্ষী অধীক্ষকক ঘটনাৰ উচিত তদন্ত কৰি বিহিত ব্যৱস্থা ল’ব বাবে নিৰ্যাতিতা যুৱতী গৰাকীৰ ভাতৃ নাইজুল ইছলামে অনুৰোধ জনায়৷

এই সমগ্ৰ ঘটনা আৰক্ষীয়ে গাপ দিবলৈ চেষ্টা কৰা সন্দৰ্ভত নিৰ্যাতিতা ছাত্ৰীগৰাকীয়ে কলিয়াবৰ মহকুমা আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে মোটা ধনৰ বিনিময়ত অভিযুক্তৰ পৰিয়ালক সুৰক্ষা প্ৰদান কৰি আহিছে বুলি সাংবাদিকৰ আগত ভাষ্য প্ৰদান কৰিছিল আৰু চামগুৰিৰ স্থানীয় সাংবাদিকসকলে উক্ত ঘটনাৰ বাতৰি সবিস্তাৰে প্ৰচাৰ কৰাৰ পাছত আৰক্ষী বিষয়া গৰাকী জাঙুৰ খাই উঠে। যোৱা নিশা “নিউজ ১৮ অসম নৰ্থ ইষ্ট”ৰ সাংবাদিক তথা সংযুক্ত সাংবাদিক সন্থা,চামগুৰিৰ সহকাৰী সাংস্কৃতিক সম্পাদক কৃষ্ণ শইকীয়াক কলিয়াবৰ মহকুমা আৰক্ষী বিষয়াগৰাকীয়ে কটু সমালোচনা কৰাৰ লগতে ভাবুকি প্ৰদান কৰে বুলি জানিবলৈ পোৱাৰ পাছতে আজি সংযুক্ত সাংবাদিক সন্থা, চামগুৰি আৰু ৰূপহী মিডিয়া চেলৰ তৰফৰ পৰা নগাঁও জিলা উপায়ুক্ত আৰু নগাঁও জিলা আৰক্ষী অধীক্ষকলৈ এখন লিখিত আবেদনৰ জৰিয়তে সমগ্ৰ ঘটনাৰ নিৰপেক্ষ তদন্ত কৰি বিষয়াজনৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে। নিৰ্যাতিতা যুৱতীগৰাকীৰ এই সমগ্ৰ ঘটনাটোৰ সন্দৰ্ভত বাতৰি সম্প্ৰচাৰ কৰা অন্যান্য সাংবাদিক সকলৰ প্ৰতিও সম্প্ৰতি ভাবুকি আহি পৰিছে।

আনহাতে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ মাধ্যমৰ প্ৰতি অসম আৰক্ষীৰ দায়িত্বপ্ৰাপ্ত এজন আৰক্ষী বিষয়াই প্ৰদান কৰা এনে ভাবুকিত স্থানীয় বহু দল- সংগঠনৰ লগতে “বঢ়মপুৰ প্ৰেছ ক্লাৱ” আৰু “পুৰণিগুদাম প্ৰেছ ক্লাৱে”ও তীব্ৰ ভাষাৰে গৰিহনা দিয়াৰ লগতে উচিত তদন্তৰ দাবী কৰিছে৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close