অসম

চামগুৰিত সাংবাদিক অপূৰ্বজ্যোতি পটংগীয়াৰ প্ৰতি “উকাচ”ৰ শ্ৰদ্ধাঞ্জলী

পুৰণিগুদামৰ পৰা দিব্যজ্যোতি ভূঞা, প্ৰথম খবৰ : নগাঁও জিলাৰ চামগুৰিত বুধবাৰে “সংযুক্ত সাংবাদিক সন্থা, চামগুৰি” চমুকৈ ‘উকাচে’ কলিয়াবৰত এটি শোকাবহ পথ দুৰ্ঘটনাত মৃত্যু বৰণ কৰা “নিউজ ১৮ অসম নৰ্থ ইষ্ট”ৰ তেজপুৰস্থ ভিডিঅ’ সাংবাদিক অপূৰ্বজ্যোতি পটংগীয়াৰ মৃতদেহ গুৱাহাটীৰ পৰা নিজা বাসভৱনলৈ আনি থকাৰ অৱস্থাত শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। চামগুৰি গড়কাপ্তানি পৰিদৰ্শন ভৱনৰ সন্মুখত, ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত নিৰ্ভীক, নিৰহংকাৰী তথা সততা, নিষ্ঠা আৰু দায়বদ্ধতাৰ প্ৰতীকস্বৰূপ সৰবৰহী সাংবাদিকগৰাকীৰ প্ৰতি উকাচৰ সদস্যসকলে গামোচা আৰু ফুলৰ থোপাৰে শেষ শ্ৰদ্ধা জনায়। উকাচৰ সাধাৰণ সম্পাদক নীলৰঞ্জন শৰ্মাই আঁত ধৰা অনুষ্টুপিয়া অনুষ্ঠানটোত উকাচৰ সভাপতি প্ৰদীপ বৰা, কাৰ্যকৰী সভাপতি নৱজ্যোতি বৰা, সহ:সম্পাদক ভাৰ্গৱ হাজৰিকা, কৃষ্ণ শইকীয়া, জিতুমণি শইকীয়া,আছিৰুল হ’ক প্ৰমুখ্যে অন্যান্য সদস্যসকলৰ লগতে চামগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজীৱ বৰ্মন,নিউজ 18 অসমৰ নগাঁৱস্থ সাংবাদিক নিলোৎপল বৰা উপস্থিত থাকি বিদেহী আত্মাৰ চিৰশান্তিৰ কামনা কৰাৰ লগতে তেওঁৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে৷

Related Articles

Leave a Reply

Close