অসম

চেঙা গ্ৰামীন বেংকৰ সজাগতা সভা সম্পৰ্ক

চেঙাৰপৰা মইদুল ইছলাম, প্ৰথম খবৰ: বৰপেটা জিলাৰ চেঙাস্থিত গ্ৰামীণ বিকাশ বেংকৰ উদ্যোগত আজি এখন সজাগতা সভা অনুষ্ঠত হৈ যায়। নিজ চেঙা গাঁও পঞ্চায়তৰ কাৰ্যালয় চৌহদত অনুষ্ঠিত সভাখন সঞ্চালনা কৰি চেঙা গ্ৰামীণ বিকাশ বেংকৰ শাখা প্ৰৱন্ধক ভগৱান হালৈয়ে বিশেষ আপোচ- মীমাংসা আঁচনি সন্দৰ্ভত ব্যাখ্যা আগবঢ়ায়। পাঁচ লাখ টকাৰ তলৰ অনাৰ্জক সম্পদ (NPA) ৰ বাবে প্ৰযোজ্য এই বিশেষ আপোচ -মীমাংসা আঁচনি 16-10-2017 ৰ পৰা 30-01-2018 ইং তাৰিখলৈকে বাহাল থাকিব বুলি উল্লেখ কৰি প্ৰৱন্ধক গৰাকীয়ে যিসকল ঋণৰ পৰিশোধ কৰিবলগীয়া ঋণৰ পৰিমাণ পাঁচ লাখ টকাৰ তলত আৰু সময়মতে পৰিশোধ নকৰা বাবে ৰিজাৰ্ভ বেংকৰ নিয়মানুসৰি অনাৰ্জক সম্পদ (NPA) হিচাপে ঘোষণা হৈছে; তেওঁলোকে এককালীন কিস্তিত এই আঁচনিৰ জৰিয়তে ঋণ পৰিশোধ কৰাৰ সুবিধা পাব।

উল্লেখ্য যে, আজিৰ এই সভাত ৪১ জনকৈ গ্ৰাহকে এই আঁচনিৰ সুবিধা গ্ৰহণ কৰিছে বুলি প্ৰৱন্ধক গৰাকীয়ে জানিবলৈ দি কয় যে চলিত মাহতে বেংক প্ৰতিষ্ঠানটোৰ কৰ্মচাৰী সকলে অঞ্চলটোৰ চুকে-কোণে এই আঁচনিৰ বাবে ঋণী গ্ৰাহক সকলৰ ওচৰলৈ যাব ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close