অসম

চৰকাৰলৈ প্ৰত্যাহ্বান বস্তা বাবাৰ, চেঙাৰ বৰভিঠাত মন্ত্ৰ উচ্চাৰণ কৰি ৰোধ কৰিবলৈ সাজু ব্ৰহ্মপুত্ৰৰ খহনীয়া

চেঙাৰ পৰা মইদুল ইছলাম, প্ৰথম খবৰ: বৰপেটা জিলাৰ চেঙা ৰাজহ চক্ৰৰ অন্তৰ্গত বৰভিঠাত এগৰাকী ফকীৰ- বাবাই চৰকাৰলৈ প্ৰত্যাহ্বান জনাই ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া ৰোধ কৰিবলৈ টঙালি বান্ধিছে। বস্তা বাবা বুলি পৰিচিত এইগৰাকী বাবাই আজি চেঙা সমষ্টিৰ বৰভিঠাত উপস্থিত হৈ ৰাইজৰ সহযোগত ব্ৰহ্মপুত্ৰৰ বুকুত মন্ত্ৰ উচ্চাৰণ কৰি বাঁহৰ খুটি মাৰিলে আৰু বাঁহৰ খুটিৰ গুৰিত বস্তাবাবাই দিছে ৰসগোল্লা। এই ঘটনা চাবলৈ আজি লোকে লোকাৰণ্য বৰভিঠা অঞ্চল।

স্থানীয় লোকে এই সংবাদদাতাক জানিবলৈ দিয়া মতে বৰভিঠাত এতিয়াও অব্যাহত আছে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া। ইতিমধ্যে কেইবাটাও পৰিয়ালে গৰাখহনীয়াৰ কবলত পৰি মাটি-ভেঁটি হেৰুৱাই সৰ্বস্বান্ত হৈছে। বৰভিঠাবাসী ৰাইজে চৰকাৰ তথা জনপ্ৰতিনিধিক বাৰম্বাৰ আবেদন- নিবেদন কৰিও ভাগৰি পৰিছে। শেষত উপায়ন্তৰ হৈ গৰাখহনীয়া ৰোধ কৰিবলৈ ৰাইজ শৰণাপন্ন হ’ল এইগৰাকী বস্তা বাবাৰ ওচৰত।

ৰাইজৰ বিশ্বাস যে বস্তা বাবাইহে খহনীয়াৰ কবলৰ পৰা ৰক্ষা কৰিব পাৰিব বৰভিঠাবাসীক। হেজাৰ হেজাৰ লোকৰ উপস্থিতিত আজি বস্তা বাবাই ব্ৰহ্মপুত্ৰৰ বুকুত মন্ত্ৰ উচ্চাৰণ কৰি বাঁহৰ খুটি পুতিলে। ৪১ দিন কোনো মহিলাই ব্ৰহ্মপুত্ৰৰ পাৰত আহিব নোৱাৰিব বুলি এক নিয়ম বান্ধি দিছে। ইয়াৰোপৰি এইকেইদিন ব্ৰহ্মপুত্ৰৰ পাৰত বিড়ি- চিগাৰেট জাতীয় ধুমপান নকৰিবলৈ ৰাইজক সকিয়াই দিয়ে।

ইতিমধ্যে কেইবাঠাইতো বস্তা বাবাই এনেদৰে নদীৰ খহনীয়া ৰোধ কৰিছে বুলি দাবী কৰিছে আৰু বৰভিঠাতো গৰাখহনীয়া ৰোধ হ’ব বুলি তেওঁ আশাবাদী। উল্লেখ্য যে, বৰপেটা জিলাৰ চেঙা বিধান সভা সমষ্টিৰ এই অঞ্চলত চলি থকা তীব্ৰ গৰাখহনীয়াই কালৰূপ ধৰি অঞ্চলটোৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা সন্দৰ্ভত প্ৰচাৰ মাধ্যমত বিস্তৃত ভাবে প্ৰকাশ হৈছিল।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close