শেহতীয়া
Home / সম্পাদকীয় / চৰকাৰৰ কৰ্মচাৰীপ্ৰীতি বনাম ৩০ লাখ নিবনুৱাৰ হাহাকাৰ

চৰকাৰৰ কৰ্মচাৰীপ্ৰীতি বনাম ৩০ লাখ নিবনুৱাৰ হাহাকাৰ

বৰ্তমান অসমত নিবনুৱা সমস্যাই জটিল ৰূপ পৰিগ্ৰহ কৰিছে। নিবনুৱা সমস্যাই  ছানি ধৰিছে ৰাজ্য। পঞ্জীয়ন ভুক্ত আৰু অপঞ্জীয়নভুক্ত নিবনুৱাৰ সংখ্যাই এতিয়া ৩০ লাখ পাৰ হওঁ পাৰ হওঁ। ইমান বৃহতসংখ্যক নিবনুৱাক নিয়োজিত কৰাৰ বাবে চৰকাৰৰ নাই কোনো সুপৰিকল্পিত আঁচনি, নাই নিবনুৱাৰ সংস্থাপনত চৰকাৰৰ কোনো গুৰুত্ব। এক পৰিসংখ্যা মতে ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত খালী হৈ আছে বহু পদ। কিন্তু নিয়োগৰ ক্ষেত্ৰত চৰকাৰ যেন উদাসীন। আনফালে চৰকাৰ ব্যস্ত কৰ্মচাৰীৰ সা-সুবিধা বঢ়োৱাত। মাহিলি পাৰিতোষিক, ভাত্তা আৰু অন্যান্য সা-সুবিধাত চৰকাৰী কৰ্মচাৰীৰে আধিপত্য। কাৰণ চৰকাৰক লাগে ভোট বেংক। কাৰণ এই বৃহতসংখ্য়ক কৰ্মচাৰী তথা তেওঁলোকৰ পৰিয়ালক যদি যেনে-তেনে সন্তুষ্ট কৰি ৰাখিব পৰা যায় তেনেহলে অহাবাৰৰ নিৰ্বাচনত চৰকাৰ শাসনত অধিষ্ঠিত হোৱাৰ বাট প্ৰশস্ত বুলিবই পাৰি। কি কেন্দ্ৰীয় কি ৰাজ্য চৰকাৰ একেই নীতি। আজি চৰকাৰৰ উন্নয়ন-পৰিবৰ্তন কৰ্মচাৰীৰ উন্নয়ন-পৰিবৰ্তনতে সীমাবদ্ধ বুলি কব পাৰি। চৰকাৰ আহে-যায় কিন্তু নিবনুৱা সমস্যা ৰোধৰ ক্ষেত্ৰত কোনো ফলপ্ৰসূ ব্যৱস্থা লোৱা দেখা নাযায়। ৰাজ্যত টেট শিক্ষক নিযুক্তিৰে চৰকাৰে নিবনুৱাসকলৰ মাজত কিছু আশাৰ সঞ্চাৰ কৰিছিল যদিও সেয়াও এপাচি শাকত এটা জালুকৰ লেখীয়া। বহু নিবনুৱাৰ চৰকাৰী নিৰ্ধাৰিত বয়স পাৰ হৈছে, কিছুমানৰ পাৰ হওঁ অৱস্থা। কি হব তেওঁলোক ভৱিষ্যত, চৰকাৰে কিবা চিন্তা কৰিবনে। ইমানসংখ্যক মানৱ সম্পদৰ অপচয়ে দেশলৈ কি উন্নয়ন-পৰিবৰ্তন আনিব। চুবুৰিয়া ৰাষ্ট্ৰ চীনত আজি জনবিস্ফোৰণ। পৃথিৱীৰ সৰ্বাধিক জনবহুল ৰাষ্ট্ৰ চীন। কিন্তু তাত হৈছেনে মানৱ সম্পদৰ অপচয়। চীনে কেনেকৈ ইমান বৃহতসংখ্যক মানৱ সম্পদক কামত খটুৱাইছে, কেনেদৰে মানৱ সম্পদৰ অপচয় ৰোধ কৰিছে, জানিবলৈ চেষ্টা কৰেনে আমাৰ নিৰ্বাচিত জনপ্ৰতিনিধিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*