শেহতীয়া
Home / সম্পাদকীয় / চৰকাৰৰ দুৰ্নীতি নিৰ্মূল অভিযান

চৰকাৰৰ দুৰ্নীতি নিৰ্মূল অভিযান

সমগ্ৰ ৰাজ্য কঁপোৱা অসম লোকসেৱা আয়োগৰ চাকৰি কেলেংকাৰিয়ে নতুন মোৰ লোৱা পৰিলক্ষিত হৈছে৷ মঙলবাৰে নিশা অসম আৰক্ষীৰ বিশেষ শাখাই অভিযান চলাই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা বহুকেইজন বিষয়াক ধন দি এ পি এছ চিৰ চাকৰি লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে। অসম লোকসেৱা আয়োগৰ বহু বিতৰ্কিত অধ্যক্ষ তথা চাকৰি কেলেংকাৰিৰ নায়ক ৰাকেশ পালৰ সময়ত জালিয়াতিৰে চাকৰি লোৱাৰ অভিযোগ উত্থাপন হৈছিল এই বিষয়াকেইজনৰ বিৰুদ্ধে৷ অসম লোকসেৱা আয়োগত দুৰ্নীতিৰ অভিযোগত অধ্যক্ষ ৰাকেশ পাল আৰু সদস্যদ্বয় ড০ ছামেদুৰ ৰহমান, বসন্ত দলে অভিযুক্ত হৈ বৰ্তমান ৰঙাঘৰৰ আলহী হ’ব লগা হয়।  তেওঁলোকৰ বিৰুদ্ধে আছে পৰ্বতসম দুৰ্নীতিৰে লাখ লাখ টকা লৈ চাকৰি দিয়াৰ ৰাজহুৱা অভিযোগ।  জেলৰ ভাত খোৱা ৰাকেশ পাল আৰু সদস্যদ্বয় ড০ ছামেদুৰ ৰহমান, বসন্ত দলেই লাখ লাখ টকা লৈ আয়োগে অনুষ্ঠিত কৰা পৰীক্ষাত কেলেংকাৰি সংঘটিত কৰিছিল৷ ইয়াৰ পিছতে বিভিন্ন দল-সংগঠনৰ দাবীত বিজেপি চৰকাৰ সক্ৰিয় হৈ পৰিছিল এই কেলেংকাৰিৰ বিৰুদ্ধে৷ উত্তৰবহীৰ তদন্ত কৰাৰ লগতে ফৰেনছিক পৰীক্ষা কৰে তদন্তকাৰী সংস্থাই৷ তাৰ মাজতে এই বিষয়াকেইজনৰ বিৰুদ্ধে টকা দি পৰীক্ষা উত্তীৰ্ণ হোৱাৰ তথ্য লাভ কৰে আৰক্ষীয়ে৷ শেহতীয়াকৈ ২৫জনকৈ ACS-APS বিষয়াৰ বিৰুদ্ধে জালিয়াতিৰে পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ অভিযোগ উঠিছে। এ পি এছ চি কেলেংকাৰিত অভিযুক্ত  ACS-APS বিষয়াসকলক গ্ৰেপ্তাৰে ৰাইজলৈ কিছু আশাৰ ৰেঙনি কঢ়িয়াই আনিছে। লাখ লাখ টকা উত্কোচ দি চাকৰি লোৱা এইসকল তথাকথিত মেধাৱী বিষয়াসকলৰ গ্ৰেপ্তাৰে চৰকাৰৰ দুৰ্নীতি নিৰ্মূল অভিযানক কিছু হলেও গতি প্ৰদান কৰিব। মেধাৱী প্ৰাৰ্থীক বঞ্চিত কৰি কেৱল ধনৰ বিনিময়ত চাকৰি লোৱা সংস্কৃতি আমাৰ দেশত নতুন নহয়। ই এক পৰম্পৰাত পৰিণত হৈছে বুলি কলেও অত্যুক্তি কৰা নহয়। কেৱল এ পি এছ চিতেই নহয়, সকলো বিভাগতে দুৰ্নীতি। ধন নহলে যেন কোনো কামেই নিসিজে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*