বিনোদন

ছুইটী বনাম অনুষ্কা

এণ্টাৰটেইনমেণ্ট ডেস্ক, প্ৰথম খবৰ : দাক্ষিণাত্যৰ ছুপাৰ টেলেন্টেড অভিনেত্ৰী অনুষ্কা চেট্টীয়ে উদযাপন কৰিছে জন্মদিন।

শেহতীয়াভাৱে “বাহুবলী” ছবিখনৰ দেৱসেনাৰ চৰিত্ৰত অভিনয় কৰা অনুষ্কা চেট্টীৰ আচল নাম ছুইটী চেট্টী।

অভিনয়ৰ জগতখনলৈ অহাৰ আগতে যোগাসনৰ প্ৰশিক্ষক হিচাপে কাম কৰিছিল এইগৰাকী মোহময়ী অভিনেত্ৰীয়ে।

সৰুৰে পৰা পঢ়া-শুনাত পাকৈত ছুইটীয়ে বাংগালুৰুৰ মাউন্ট কাৰমেল মহাবিদ্যালয়ৰ পৰা কম্পিউটাৰ এপ্লিকেচনত স্নাতক ডিগ্ৰী গ্ৰহণ কৰে। অভিনয়ৰ প্ৰতি তিলমানো ধাউতি নথকা অনুষ্কা চেট্টীৰ প্ৰথমখন ছবি আছিল ‘ছুপাৰ'(তেলেগু) । চুপাৰষ্টাৰ নাগাৰ্জুনৰ বিপৰীতে অভিনয় কৰে এই ছবিখনত। তেতিয়াৰপৰা নিজৰ কেৰিয়াৰত থমকি ৰ’বলগীয়া নহ’ল ছুইটী বা অনুষ্কা চেট্টীয়ে।

Related Articles

Leave a Reply

Close