অসমশীৰ্ষ

জটিল ৰোগত আক্ৰান্ত এটি শিশু,প্ৰয়োজন আৰ্থিক সাহাৰ্য্যৰ

সৌৰভ জ্যোতি গোস্বামীৰ বিশেষ প্ৰতিবেদক, প্ৰথম খবৰ:

তিনি বছৰীয়া গুণজিত কাকতি, ওঁঠত মাতেই ভালকৈ নুফুটা আৰু মাক-দেউতাকৰ কোলাত ধিতিঙালী কৰি শৈশৱৰ সোণালী দিন পাৰ কৰাৰ সময়তে কণমানিটোৱে কেঞ্চাৰৰ দৰে দুৰাৰোগ্য ৰোগৰ লগত যুজিবলগা হৈছে। বাগসা জিলাৰ হাটীৰটাৰী গাঁও নিবাসী গোপেশ কাকতি আৰু চম্পা কাকতিৰ প্ৰথম সন্তান কণমানি গুণজিতৰ ব্লাড কেঞ্চাৰ হৈছে। যোৱা ডেৰ মাহ ধৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত হেমট’ল’জি বিভাগত চিকিৎসাধীন হৈ আছে গুণজিত। দিন হাজিৰা কৰি কোনোমতে পৰিয়াল চলোৱা দেউতাকৰ এতিয়া মূৰে-কপালে হাত দিব লগা অৱস্থা। মাকৰ কোলাত আছে এটি নমহীয়া কেঁচুৱা। বৰ্তমান পৰিয়ালটোৰ পানীত হাঁহ- নচৰাৰ অৱস্থাৰ সৃষ্টি হৈছে। উপায়হীন পিতৃয়ে কণমানিজনৰ চিকিৎসাৰ বাবে অসম চৰকাৰৰ মাননীয় স্বাস্থ্যমন্ত্ৰী আৰু অসমৰ ৰাইজৰ সহায় ভিক্ষা মাগিছে। কোনো সুহৃদয়বান ব্যক্তিয়ে যদি ইচ্ছা কৰে তেওঁলোকৰ এই এছ বি আই একাউণ্টত কিছু টকা আগবঢ়াই তেওঁলোকক সহায় কৰিব পাৰে।
একাউণ্ট নম্বৰটো হ’ল: ৩৬৬৯৪৪৬৩০০৮
IFSC-SBIN0011609
এছ বি আই, টিহু শাখা, নলবাৰী। অথবা যোগাযোগ কৰিব পাৰে এই ফোন নম্বৰত ৮০১১৩৩৪৪৭৭।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close