অসম

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ খোৱাপানী যোগান আঁচনিত কৰ্মৰত কৰ্মচাৰীৰ এশ ঘণ্টীয়া কৰ্মবিৰতিৰ সমাপ্ত

প্ৰথম খবৰ, নগাঁও: জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিশুদ্ধ খোৱা পানী যোগান আঁচনিত কৰ্মৰত কৰ্মচাৰী সকলৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত ২২ নৱেম্বৰৰ পৰা আৰম্ভ কৰা এশ ঘণ্টীয়া কৰ্মবিৰতিৰ আন্দোলনৰ কাৰ্যসূচী আজি পুৱাৰ ভাগত সামৰণি পৰে। এই কৰ্মচাৰী সকলৰ সমস্যা সমূহ সমাধানৰ বিভাগীয় মন্ত্ৰী, আয়ুক্ত সচিব আদিৰ লগত কেইবাবাৰো আলোচনা আৰু লিখিতভাৱে অবগত কৰাৰ পাছতো সংশ্লিষ্ট সকলে সমস্যা সমূহ সমাধানৰ ব্যৱস্থা নকৰিলে।

কৰ্মচাৰী সকলৰ দীৰ্ঘদিনীয়া সমস্যা সমূহৰ ভিতৰত ৪ৰ্থ বৰ্গৰ কৰ্মচাৰী সকলৰ পদোন্নতিৰ ব্যৱস্থা কৰা, পানী যোগান আঁচনিৰ বাবে ভূমিদান দিয়া পৰিয়ালৰ সংস্থাপনৰ ব্যৱস্থা কৰা, অবৈতনিক কৰ্মচাৰী সকলক বিভাগৰ ৪ৰ্থ শ্ৰেনী পদত স্থায়ী ভাবে বকৰল কৰাকে ধৰি কেইবাটাও দাবীৰ সমৰ্থনত সদৌ অসম জনস্বাস্থ্য কাৰিকৰী কৰ্মচাৰী সন্থাৰ নগাঁও শাখাৰ উদ্যোগত এই কৰ্মবিৰতি কাৰ্যসূচী ৰূপায়ন কৰা হৈছিল। কৰ্মবিৰতি কাৰ্যসূচী সফল কৰি তোলাৰ বাবে সন্থাৰ নগাওঁ শাখাই সংশ্লিষ্ট সকলোকে অভিনন্দন জনাইছে।

 

Related Articles

Leave a Reply

Close