অসম

জাতীয় সংগীতত বিহু নৃত্য পৰিবেশন কৰিলে কোনে, জাতীয় সংগীতক অপমান কৰিলে নেকি?

কল্পজ্যোতি শইকীয়াৰ বিশেষ প্ৰতিবেদন, প্ৰথম খবৰ: এয়া বিজ্ঞাপনৰ বতৰ। পৰ্যটন ক্ষেত্ৰৰ বিকাশৰ বাবে বিভিন্ন পদ্ধতিৰে তৈয়াৰ কৰি উলিওৱা হৈছে বিজ্ঞাপন। বৰ্তমান সময়ত টেলিভিচনৰ বিজ্ঞাপনত দেখুৱাই থকা হৈছে Awsome Assam ৰ পৰ্যটনৰ এটি ভিডিঅ’। যি ভিডিঅ’ত স্পষ্ট ৰূপত দেখা পোৱা যায় ভাৰতৰৰ বিখ্যাত চলচ্চিত্ৰ তাৰকা প্ৰিয়ংকা চোপ্ৰাক। সু-সজ্জিত জাতীয় সাজপাৰ পৰিধান কৰি বিহু নচাৰ প্ৰয়াস কৰিছে প্ৰিয়ংকাই। অতি সুন্দৰ মিচিকিয়া হাঁহিৰে বিজ্ঞাপনটোত বিহু নৃত্য প্ৰদৰ্শন কৰি দৰ্শকৰ মন-প্ৰাণ জয় কৰিবলৈ সক্ষম হৈছে অসমৰ পৰ্যটন বিভাগৰ উন্নয়নৰ বাবে কাম কৰি যাবলৈ মন মেলা তাৰকা গৰাকীয়ে।
কিন্তু এইখিনিতে প্ৰশ্ন উত্থাপিত হয় লক্ষ্মীনাথ বেজবৰুৱাৰ সৃষ্টি তথা অসমৰ জাতীয় সংগীতটিত ককাঁল ঘূৰাই বিহু নৃত্য পৰিবেশন কৰাটো কিমান দূৰ যুক্তিসংগত! নে অসমত বিহু গীতৰ অভাৱ ঘটিছিল যাৰ বাবে বিহু নৃত্য প্ৰদৰ্শনত ব্যৱহাৰ কৰা হ’ল জাতীয় সংগীতটি!
অসমৰ অসমীয়াৰ স্বাভিমান জড়িত হৈ থকা জাতীয় সংগীতটি পৰিবেশন কৰিলে সকলোবোৰ থিয় হৈ সংগীতটিৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰে। প্ৰত্যেক গৰাকী অসমীয়াৰ জাতিপ্ৰেম জাগৃত হৈ উঠে। ঠিক সেই সময়তে জাতীয় সংগীতৰ আধাৰত সু-সজ্জাৰে বিহু নৃত্য প্ৰদৰ্শন কৰাটো কিমান দূৰ যুক্তিসংগত সেই প্ৰশ্নৰ উত্তৰ আপুনি নিজেই বিচাৰ কৰক।

Related Articles

Leave a Reply

Close