অসম

জামুগুৰিত ভাৱৰীয়াৰ ৰঙীন পোছাকত শেষ পৰশ দিয়াত ব্যস্ত কাৰিকৰসকল

প্ৰথম খবৰ, জাজৰি: শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলা মহোৎসৱলৈ মাজত মাথোঁ কেইটামান মূৰ্হত্ত বাকী থকা অৱস্থাত এতিয়া ৰাজ্যৰ চৌদিশে সৃষ্টি হৈছে এক আধ্যাত্মিক পৰিৱেশৰ। ৰাসৰ ব্যস্ততাৰ সমান্তৰালভাৱে নগাওঁ জিলাৰ জামুগুৰিস্থিত তিনিখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠানতো পৰিলক্ষিত হৈছে ভীষণ ব্যস্ততা।

দিন ৰাতি একাকাৰ কৰি ৰাস -ভাওনাৰ ভাৱৰীয়াৰ বাবে নানা ৰঙৰ পোছাক প্ৰস্তুত কৰাত উঠি পৰি লাগিছে তিনিওখন প্ৰতিষ্ঠানৰে কাৰিকৰ। প্ৰায় ডেৰশ বছৰৰো অধিক কালধৰি ধৰি নাট ভাওনাৰ সাজ পোছাক ভাৰা দি অহা জামুগুৰিৰ তিনিখনকৈ প্ৰতিষ্ঠান ক্ৰমে মামনী ড্ৰেছ ষ্টোৰ, পূৰ্ণিমা ড্ৰেছ ষ্টোৰ আৰু লক্ষ্মী ভাণ্ডাৰ এইবেলিও সাজু হৈছে কৃষ্ণ, গোপী,শংখচূড়, ৰজা, মহাৰজা, মন্ত্ৰী আদিকে ধৰি বিভিন্ন ভাৱৰীয়াৰ জাকজমকতাৰে ভৰা সাজ পোছাক, মুকুট, অৰুণা, চুলি, চাপকন আদি যোগান ধৰিবলৈ। প্ৰতিষ্ঠান কেইখনত কৰ্মৰত কাৰিকৰসকলে তৈয়াৰ কৰা পোছাকসমূহ নগাঁও, মৰিগাঁও, হোজাই, কাৰ্বি আংলং জিলাৰ বিভিন্ন প্ৰান্তৰ ভাওনা ৰাসত অভিনয় কৰা শিল্পীসকলে ভাৰাত নিয়ে।

Related Articles

Leave a Reply

Close