স্বাস্থ্য

জেনেৰিক দৰবনো কি?

হেল্থ ডেস্কঃ জেনেৰিক দৰব হ’ল ব্ৰেণ্ডেড দৰবসদৃশ কাৰ্যকৰী এক দৰব। বজাৰত বিক্ৰী কৰাৰ আগতে এটা জেনেৰিক দৰব কোনো ব্ৰেণ্ডৰ দৰবৰ সৈতে জৈৱসদৃশ (Biodentical) হ’ব লাগে। বিভিন্ন কাৰণত জেনেৰিক দৰবৰ দাম যথেষ্ট কম।জেনেৰিক দৰবৰ প্ৰচলনত অৱশ্যে চিকিৎসকসকলৰো যথেষ্ট ভূমিকা আছে। তেওঁলোকে যদি ব্যৱস্থাপত্ৰত দামী ব্ৰেণ্ডেড দৰবৰ নাম লিখে, তেতিয়া ৰোগীসকলে তেনে দৰব কিনিবলৈ বাধ্য হৈ পৰে।  ভাৰতত তেনে পৰিসংখ্যা নাই যদিও অানুমানিকভাৱে এই মান যথেষ্ট কম। অৱশ্যে ম্যাদ উকলি নোযোৱা বহুবিধ দৰবৰ এতিয়ালৈকে জেনেৰিক ৰূপ ওলোৱা নাই। সেয়ে ব্ৰেণ্ডেড দৰবসমূহেই চৰা দামত বিক্ৰী হৈ আছে। আমেৰিকা যুক্তৰাষ্ট্ৰত চিকিৎসকৰ ব্যৱস্থাপত্ৰত লিখা ৮০ শতাংশ দৰবেই জেনেৰিক।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close