অসম

টিংৰাইত ৫২ সংখ্যক শ্ৰী শ্ৰী ৰাস উৎসৱ সামৰণি

প্ৰথম খবৰ, পেঙেৰী: সমগ্ৰ অসমৰ লগতে ডিগবৈ টিংৰাইতো উলহ-মালহেৰে ৫২ সংখ্যক শ্ৰী শ্ৰী ৰাস উৎসৱৰ কাৰ্যসূচী অনুষ্ঠিত হৈ যায়। টিংৰাই শ্ৰী শ্ৰী ৰাস উৎসৱ উদযাপন সমিতিৰ উদ্যোগ ত টিংৰাই বৰনামঘৰৰ প্ৰাঙ্গনত যোৱা ৩ আৰু ৪ নৱেম্বৰ তাৰিখে দুদিনিয়া কৈ আয়োজন কৰা ৰাস উৎসৱত ৩ নৱেম্বৰ ত পুৱা ৰাস উৎসৱৰ পাতাকা উত্তোলনেৰে আৰম্ভ হোৱা কাৰ্যসূচীত দিনৰ ভাগত অঞ্চলটোৰ সাত টা নামঘৰৰ সহযোগত ভাগৱত ভ্ৰমণ আৰু পাছলৈ বিভিন্ন কাৰ্যসূচীৰ অনুষ্ঠিত হোৱা পাছত নিশালৈ একাধিক ক্ৰমে শিশুসকলৰ বাবে কৃষ্ণ নৃত্য, সত্ৰীয়া নৃত্য আৰু মহিলা সকলৰ মাজত দিহানামৰ প্ৰতিযোগিতা সুচাৰুৰূপে অনুষ্ঠিত হৈ যায়।

দিহানাম প্ৰতিযোগিতাত জিলাখনৰ ২২ টা দলে অংশগ্ৰহণ কৰে। ৪ নৱেম্বৰত সন্ধিয়া মুকলি সভা, বঁটা বিতৰণী সভাৰ পাছতে নিশালৈ স্থানীয় উদীয়মান শিল্পী সকলে বিপ্ৰ দামোদৰ আখ্যান দন্ত বক্ৰ দৈত্যৰ মুক্তি লাভ শীৰ্ষক ভাওনা প্ৰদৰ্শনেৰে টিংৰাইত ৫২ সংখ্যক ৰাস উৎসৱৰ কায্যসূচী সামৰণি পৰে।

ভাওনা প্ৰদৰ্শনত বিপ্ৰ দামোদৰৰ চৰিত্ৰ ত শ্ৰেষ্ঠ ভাওৰিয়া সন্মান লাভ কৰে সুশান্ত দিহিঙ্গীয়াই, সাল্বৰাজৰ চৰিত্ৰত জীৱনজ্যোতি বুঢ়াগোহাঁইয়ে দ্বিতীয় শ্ৰেষ্ঠ আৰু বাহ্মণ চৰিত্ৰত হৰেণ দুৱাৰাই তৃতীয় শ্ৰেষ্ঠ সন্মান লাভ কৰে। লগতে উদগনিমূলক বঁটা লাভ কৰে ৰুক্মিণী চৰিত্ৰত ৰিনিশা সন্দিকৈ আৰু সুশিলা চৰিত্ৰত মঞ্জুমনি হাজৰিকাই।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close