অসম

ডঃ ভূপেন হাজৰিকা সেঁতুত উলমিব বাৰে পাছি ভুলৰ সমাহাৰেৰে নাম ফলক, শিল্পী গৰাকীৰ পি এইচ ডি ডিগ্ৰীও কৰিলে কৰ্তন

প্ৰথম খবৰ, তালাপ: ২৬ মে’ত দেশৰ দীৰ্ঘতম ধলা-শদিয়া সংযোগী সেতু উদ্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে দলং খনৰ নাম ডঃ ভূপেন হাজৰিকাৰ নামেৰে নামাকৰণ কৰাৰ কথা ঘোষণা কৰি গৈছিল। তাৰ পাঁচ মাহৰো অধিক কাল এই ঘোষণা কাৰ্যকৰি নকৰাত আছুকে ধৰি বিভিন্ন সংগঠনে আন্দোলনৰ কাৰ্যসূচী ৰূপায়ন কৰাৰ পাছত যোৱা কালি সুধাকন্ঠৰ মৃত্যু বাৰ্ষিকীৰ দিনটোত মুখ্যমন্ত্ৰীৰ নিৰ্দেশত জিলা প্ৰশাসনে ফ্লেক্স একোখন আৰি দি ৰাইজৰ দাবী মানি লবলৈ বাধ্য হ’ল।
৫ নৱৰম্বৰৰ পুৱাই এই ফ্লেক্স সেঁতুৰ দুইমুৰৰ আদৰণি তোৰণ দুখনত লগাই দিয়া হয় ।
ইফালে সেতু খনৰ বাবে গুৱাহাটীত প্ৰস্তুত কৰাই অনা মূল ফলকখনো ইতিমধ্যে ছৈখোৱা আহি পাইছেহি। এই ফলক খনত বাৰেপাচি ভুলৰ সমাহাৰ হোৱাত অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখা গৈছে। জীৱন্ত কালতেই কিংবদন্তি হৈ পৰা মহান শিল্পী গৰাকীৰ পি এইচ ডি ডিগ্ৰী কৰ্তন কৰাৰ লগতে হিন্দী লিপিৰে হাজৰিকাৰ স্থানত হজাৰিকা লিপিবদ্ধ হোৱা ফলক দেখি অঞ্চলটোৰ সচতন ৰাইজৰ লগতে বিভিন্ন দল-সংগঠন জাঙুৰ খাই উঠা পৰিলক্ষিত হৈছে।

ভুল বৰ্ণাশুদ্ধি আৰু অসম্পূৰ্ণ নামেৰে এই ফলক কেইখন কোনো কাৰণতে লগাবলৈ দিয়া নহ’ব বুলি ছৈখোৱা আঞ্চলিক ছাত্ৰ সন্থা, ডাঙৰী- ছৈখোৱা আঞ্চলিক জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, ছৈখোৱা আঞ্চলিক সোনোৱাল কছাৰী ছাত্ৰ সন্থাকে আদি কৰি কেইবাটাও সংগঠনে হুংকাৰ দিছে। দুই এদিনতে এই ফলক যথা স্থাত লগোৱাৰ বাবে প্ৰস্তুতি চলাৰ কথা জানিব পৰা গৈছে। কিন্তু ভুলকৈ লিপিবদ্ধ এই ফলকৰ বাবে অঞ্চলটোৰ ৰাইজৰ লগতে অসমবাসী ৰাইজো লজ্জিত হব লগীয়া হব বাবেই ৰাজ্য চৰকাৰ তথা জিলা প্ৰশাসনে এই ভুলৰ শুদ্ধৰণীৰ পাছতহে ফলক যথা স্থানত সংস্থাপিত কৰাৰ দাবী তুলিছে বিভিন্ন সংগঠনৰ লগতে সচেতন ৰাইজে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close