অসম

ডবকাত অগ্নিকাণ্ডত জাহ গল ১০খন দোকান

প্ৰথম খবৰ, ডবকাঃ যোৱানিশা ডবকাৰ পুৰাণ বজাৰত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়।  এই অগ্নিকাণ্ডত ১০খন দোকান জাহ যায়। লগতে জাহ যায় এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ এটা অংশও।  ভয়াৱহ অগ্নিকাণ্ডৰ ফলত ১০খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগতে শংকৰদেৱ বিদ্যা নিকেতন নামৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ এটা অংশ ভস্মীভূত হয় । নিশা প্ৰায় ডেৰমান বজাত এই অগ্নিকাণ্ডৰ সূত্ৰপাত হয় । অগ্নিকাণ্ডৰ  কাৰণ জানিব পৰা হোৱা নাই যদিও শ্ৱৰ্ট চাৰ্কিটৰ ফলত জুই লগাৰ সন্দেহ  কৰা হৈছে ।  ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

Related Articles

Leave a Reply

Close