অসম

ঢকুৱাখনাৰ মেগামিক্স প্ৰকৃতি সংঘৰ শুভৰাম্ভ

ঢকুৱাখনাপৰা পাপু বৰুৱা, প্ৰথম খবৰ: প্ৰকৃতি ৰক্ষা আৰু জৈৱ বৈচিত্ৰ সংৰক্ষণৰ বাবে দীৰ্ঘদিন ধৰি কাম কৰি অহা ঢকুৱাখনাৰ মেগামিক্স প্ৰকৃতি সংঘৰ স্থায়ী ভৱন নিৰ্মাণৰ বাবে বিধায়ক উন্নয়ন পুঁ‌জিৰ পৰা ৯ লাখ টকা ব্যয়সাপেক্ষে নিৰ্মাণ হ’বলগীয়া মেগামিক্স প্ৰকৃতি সংঘৰ শুভৰাম্ভ কৰে ।

এই শুভৰাম্ভ অনুষ্ঠানতে মন্ত্ৰী নৱ কুমাৰ দলেই আমাক জানিবলৈ দিয়ে যে অহা ডিচেম্বৰ মাহত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে খজুৱা তিনিআলিৰ পৰা ঢকুৱাখনা হৈ মাতমৰালৈ আৰু খজুৱা তিনিআলিৰ পৰা সোণাৰি চাপৰি হৈ মাজুলীলৈ নিৰ্মাণ হ’বলগীয়া পথ দুটাৰ আধাৰশিলা উন্মোচন কৰিব বুলি স্থানীয় বিধায়ক নৱ দলে জানিবলৈ দিয়া লগতে সমষ্টিটোত ৩৫০ কিলোমিটাৰ পথ প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা আঁচনি অধিনত নিৰ্মাণৰ ব্যৱস্থা কৰা লগতে ঢকুৱাখনা – মাতমৰা সংযোগী গড়কাপ্টানী পথৰ উপৰিও পথটোৰ ওপৰত চাৰিখনকৈ পকী দলঙৰ নিৰ্মাণৰ কাম চলিত বৰ্ষতে আৰম্ভ হ’ব।

এই শুভাৰম্ভ অনুষ্ঠানত ৰাজ্যিক বিজেপি সাধাৰণ সম্পাদক দিলীপ শইকীয়া, ঢকুৱাখনাৰ খণ্ড উন্নয়ন বিষয়া পৰেশ শৰ্মা, ঢকুৱাখনা মেগামিক্স প্ৰকৃতি সংঘৰ সভাপতি চেনিৰাম বৰুৱা, সম্পাদক দেৱজিৎ ফুকন, ঢকুৱাখনা জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি জীৱন গগৈ উপৰিও ঢকুৱাখনা বহু গণ্য মান্য ব্যক্তি উপস্থিত থাকে।

Related Articles

Leave a Reply

Close