অসম

তিতাবৰত বাইক সহ দুধৰ্ষ চোৰ গ্ৰেপ্তাৰ, নিশা চোৰৰ গেং বিচাৰি আৰক্ষীৰ অভিযান

তিতাবৰৰপৰা চিত্তকমল বেজবৰা, প্ৰথম খবৰ: তিতাবৰত গ্ৰেপ্তাৰ কৰা হৈছে এটা দুধৰ্ষ বাইক চোৰ। এখন ৰয়েল এণ্ডফিল্ড সহ গ্ৰেপ্তাৰ কৰা হৈছে বাইক চোৰটো। বৰহোলাৰ নাঙল গাওঁৰ জয়ন্ত চুতীয়া ওৰফে জালিয়া নামৰ চোৰটোক কৰায়ত্ত্ব কৰিবলৈ সক্ষম হৈছে তিতাবৰ মহকুমা আৰক্ষীয়ে। এ এছ ০৫ জে ৬৮১৭ নম্বৰৰ এখন ৰয়েল এনফিল্ড ৩৫০ মটৰ চাইকেলত বৰহোলাৰ পৰা গড় অলিয়েদি তিতাবৰ দিশে আহি থকা অৱস্থাত বিকল হৈ পৰে চুৰটোৰ বাইখন।

চুৰটোৰ গতি বিধি দেখি সন্দেহ উপজাত ৰাইজে খবৰ দিয়ে তিতাবৰ আৰক্ষীক। তিতাবৰ আৰক্ষী ততাতৈয়াকৈ সেই স্থানত উপস্থিত হৈ গ্ৰেপ্তাৰ কৰে চোৰটোক। জানিব পৰা মতে গোলাঘাট জিলাৰ নুমলীগৰৰ পৰা চাৰি দিনৰ পূৰ্বে চোৰটোৱে বাইকখন চোৰ কৰি আনি আঠখেলীয়া নামঘৰৰ সমীপত লুকুৱাই ৰাখিছিল। বৃহস্পতিবাৰে চুৰটোৱে বাইক খন তিতাবৰত বিক্ৰী কৰাৰ উদ্দেশ্যে লুকুৱাবলৈ আনোতেই আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হয়। আৰক্ষীয়ে চোৰটোক জেৰা অব্যাহত ৰাখিছে।

লক্ষণীয় যে, বিগত সময়ত তিতাবৰত অব্যাহত আছে বাইক চোৰৰ সন্ত্ৰাস। তেনে এক সময়তে এনেদৰে বাইক চুৰ আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হোৱাত ৰাইজে সন্তুষ্টি প্ৰকাশ কৰিছে। ইফালে এই চুৰি কায্যত জড়িত আছে এটা বৃহৎ গেং। চোৰটোৰ দ্বাৰা উদ্ঘাটন কৰা তথ্য অনুসৰি বৃহৎ চক্ৰটোৰ বিৰুদ্ধে নিশাতেই অভিযান আৰম্ভ কৰিছে আৰক্ষীয়ে।

Related Articles

Leave a Reply

Close