অসম

তিনিচুকীয়াত উজ্বলা জ্যোতি আঁচনিৰ ৰন্ধন গেছ বিতৰণ

পেঙেৰীৰপৰা সীমান্ত চেতিয়া,প্ৰথম খবৰ: তিনিচুকীয়া সমষ্টিৰ অন্তৰ্গত শুকানপুখুৰী গাঁও পঞ্চায়ত অন্তৰ্গত মুঠ ৮০ গৰাকী হিতাধিকাৰীৰ মাজত প্ৰধানমন্ত্ৰী উজ্বলা জ্যোতি আঁচনিৰ জৰিয়তে বিনামূলীয়া ৰন্ধন গেছ বিতৰণ কৰা হয়৷ এই উপলক্ষে আজি তিনিচুকীয়াৰ বিধায়ক সঞ্জয় কিষানে গেছ সমূহ বিতৰণ কৰি কয় যে, এই আঁচনিৰ জৰিয়তে দৰিদ্ৰ পৰিয়ালৰ প্ৰতিগৰাকী গৃহিনীয়ে ৰন্ধন গেছ ব্যৱহাৰ কৰি জুইৰ ধোৱাৰপৰা হবলগীয়া ৰোগৰ পৰা মুক্ত হ’ব আৰু এটি নিৰোগী জীৱন যাপন লাভ কৰিব৷ দেশৰ প্ৰধানমন্ত্ৰী মোডীৰ এই সপোন পূৰ্ণ কৰাৰ স্বাৰ্থত প্ৰতিগৰাকী জনপ্ৰতিনিধি তথা ৰন্ধন গেছ বিতৰক সদায় দায়বদ্ধ৷ প্ৰতিগৰাকী গৃহিনীয়ে বিনামূলীয়া ৰন্ধন গেছ লাভ কৰি উৎফুল্লিত হৈ পৰে৷

Related Articles

Leave a Reply

Close