অসম

তিনিচুকীয়াত মুখ্যমন্ত্ৰী বিশেষ সাহাৰ্য্য পুঁজিৰ চেক বিতৰণ

প্ৰথম খবৰ, পেঙেৰী: কেঞ্চাৰ আৰু হৃদৰোগত আক্ৰান্ত ১৫ গৰাকীকৈ ৰোগীৰ মাজত আজি মুখ্যমন্ত্ৰীৰ বিশেষ চিকিৎসা সাহাৰ্য্য পুঁজিৰ চেক বিতৰণ কৰে তিনিচুকীয়া সমষ্ঠিৰ বিধায়ক সঞ্জয় কিশানে৷ এই উপলক্ষে তিনিচুকীয়াৰ বৰদলৈ নগৰস্থিত বিধায়কৰ আবাস গৃহত পুৱাৰ ভাগত এই ৰোগীসকলৰ মাজত সৰ্বমুঠ ২ লাখ ৫০ হেজাৰ টকাৰ চেক বিতৰণ কৰা হয়৷

মুখ্যমন্ত্ৰীৰ বিশেষ চিকিৎসা সাহাৰ্য্য আচনিৰ জৰিয়তে ১৫ হেজাৰ টকাৰ পৰা ২৫ হেজাৰ পৰ্যন্ত টকাৰ চেক লাভ কৰি ৰোগীসকলে যথেষ্ঠ সকাহ লাভ কৰে৷ আজি বিধায়ক সঞ্জয় কিশানৰ জৰিয়তে এই সুবিধা লাভ কৰা ৰোগী সকলৰ ভিতৰত আয়োশ দে, সুনিল চৌধুৰী, ৰিম্পী দে, অৰ্চিচা দাস, ভাগ্য শইকীয়া, চাহেনা খাতুন, সুভাশ দাস, নিলমাধৱ চক্ৰবৰ্তী, হাফিজুদ্দিন আহমেদ, বলবিন্দৰ কৌৰ, অতুল তাতী, অৰ্চনা গগৈ, অনন্যা বনিক, সুচিল বৰুৱা আৰু অলিচা তাতী৷ চেক প্ৰদান কৰি বিধায়ক সঞ্জয় কিশানে সকলোৰে আশু আৰোগ্য কামনা কৰে৷

Related Articles

Leave a Reply

Close