অসম

তেজপুৰত অৱসৰপ্ৰাপ্ত সেনা বিষয়াক অবৈধ নাগৰিক সজাই হাৰাশাস্তি  

তেজপুৰৰপৰা অপুৰ্ব বৰা, প্ৰথম খবৰ: অসমত কেইবা লাখ অবৈধ নাগৰিকে থকাৰ কথা  বিভিন্ন দল-সংগঠনে অভিযোগ কৰি অহাৰ সময়তে তেজপুৰৰ এগৰাকী প্ৰকৃত নাগৰিক হাৰাশাস্তি কৰি অহা বাতৰিয়ে তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে। শোণিতপুৰ জিলাৰ হেলেম চাহ বাগিচাত জন্মগ্ৰহণ কৰি তেজপুৰৰ বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ৰ পৰা শিক্ষা গ্ৰহণ কৰি  সেনা বাহিনীত যোগদান কৰিছিল দিলীপ কুমাৰ দত্ত  ১৯৯৩  সেনাৰ চুৱেদাৰ মেজৰ হিচাপে অৱসৰগ্ৰহণ কৰে।

কিন্ত ২০১৭ চনৰ মাৰ্চ মাহত বিদেশী ন্যায়াধিকৰণ শোণিতপুৰৰ তৰফৰ পৰাএফ টি টি/৪/জি পি আৰ নম্বৰৰ জাননী যোগে দিলীপ দত্তৰ লগতে তেওঁৰ পুত্ৰ প্ৰসেনজিৎ দত্ত আৰু পত্নী প্ৰতিভা দত্ত নামত অবৈধ নাগৰিক সজাই কাৰণ দশোৱা পত্ৰ জাননী জাৰী কৰিছে।

এই লৈ লোক কেইজনে তেজপুৰ আদালত আবেদন কৰে। তেজপুৰ আদালতে অৱসৰপ্ৰাপ্ত সেনাৰ চুৱেদাৰ মেজৰ আৰু তেওঁৰ পৰিয়ালৰ  আবেদন গ্ৰহণ কৰি শুনানী চলাই  আজি অৱসৰপ্ৰাপ্ত সেনা  বিষয়াজনক  বৈধ নাগৰিক হিচাপে চুড়ান্ত ৰায় প্ৰদান কৰে। এনেদৰে প্ৰকৃত নাগৰিকক হাৰাশাস্তি কৰা বিষয়টোৰ ওপৰত অৱসৰপ্ৰাপ্ত বিষয়া  দিলীপ দত্তই মানহানি গোচৰ তৰিব বুলি জানিবলৈ  দিছে ।

Related Articles

Leave a Reply

Close